NORTHEAST NOW (Assamese)
অসম

অসম-বাংলাদেশ সীমান্তৰ স্মাৰ্ট ফেঞ্চিঙৰ নিৰ্মাণকাৰ্যৰ সম্পৰ্কত মুখ্য মন্ত্ৰীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে আলোচনা

Posted by: এন ই নাও নিউজ April 12, 2018 9:26 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি অসম-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত নিৰ্মাণ কৰি থকা স্মাৰ্ট ফেঞ্চিঙৰ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ দিশত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ পৰা সহযোগিতা বিচাৰে।

কেন্দ্ৰীয় গৃহ  মন্ত্ৰী ৰাজনাথ সিঙৰ কাৰ্যালয় কক্ষত প্ৰায় ২০ মিনিটৰ আলোচনাত মুখ্য মন্ত্ৰী গৰাকীয়ে অসম আৰু মিজোৰামৰ লগতে অন্যান্য ৰাজ্যসমূহৰ সৈতে থকা ৰাজ্যখনৰ আন্তঃৰাজ্যিক সীমান্তত বৰ্তমানে বিৰাজ কৰি থকা অৱস্থাৰ বিষয়ে গৃহ মন্ত্ৰী গৰাকীক অৱগত কৰে।

আনহাতে আলোচনাকালতে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আন্তঃৰাজ্যিক সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম চৰকাৰে প্ৰদৰ্শন কৰা সংযমৰ বাবে অসম চৰকাৰক প্ৰশংসা কৰে।

আলোচনা কালত মুখ্য মন্ত্ৰী গৰাকীয়ে আন্তঃৰাজ্যিক সীমান্তৰ পথ উন্নীতকৰণৰ বাবে গ্ৰহণ কৰি থকা পদক্ষেপ সমূহৰ বিষয়েও কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীক অৱগত কৰায়।  আৰু এই ক্ষেত্ৰত মুখ্য মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ সহায়-সহযোগিতা বিচাৰে।