NORTHEAST NOW (Assamese)
অসম

অসম-মিজোৰামৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আজি নতুন দিল্লীত বৈঠক : উপস্থিত থাকিব দুয়োখন ৰাজ্যৰে মুখ্য সচিবদ্বয়

Posted by: এন ই নাও নিউজ March 20, 2018 7:33 am
WhatsApp-Image-2018-03-08-at-8.19.01-PM-570x320-1-266x200

অসম-মিজোৰাম সীমান্তত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিক লৈ আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব অসম আৰু মিজোৰামৰ মুখ্য সচিবদ্বয়। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকখনৰ অধ্যক্ষতা কৰিব ৰাজীৱ গৌবাৰে।

জানিব পৰা মতে দুয়োখন ৰাজ্যৰে মুখ্য সচিবদ্বয় ইতিমধ্যে দিল্লীত উপস্থিত হৈছে।

প্ৰণিধানযোগ্য যে চলিত মাহৰ প্ৰথম সপ্তাহত অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছিল।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে টেলিফ’নযোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাওলাৰ সৈতেও কথা পাতিছিল।

টেলিফ’নিক বাৰ্তালাপতে মিজোৰামৰ মুখ্য মন্ত্ৰী থানহাওলাই এই সমগ্ৰ বিষয়টোত গৃহ মন্ত্ৰ্যালয়ৰ হস্তক্ষেপ বিচাৰিছিল।

মুখ্য মন্ত্ৰীজনৰ এই অনুৰোধৰ পাছতেই গৃহ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত দুয়ো ৰাজ্যৰ মুখ্য সচিবদ্বয়ৰ উপস্থিতত এই বিশেষ বৈঠকখন আয়োজন কৰা হৈছে।

উল্লেখ্য যে এই বৈঠকখনক লৈ আশা কৰা হৈছে, কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকখনৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত সময়ে সময়ে সৃষ্টি হোৱা সীমা বিবাদৰ এক সমাধান সূত্ৰ ওলাব।