NORTHEAST NOW (Assamese)
অসম

অসম সত্ৰ মহাসভাৰ পৰা কুসুম মহন্তক অপসাৰণৰ দাবী গুৱাহাটী জিলা সমিতিৰ

Posted by: কল্পজ্যোতি শইকীয়া April 21, 2018 1:51 pm
দুলাল গোস্বামী

অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তক পদৰ পৰা অপসাৰণ কৰাৰ দাবী তুলিছে সত্ৰ মহাসভাৰ গুৱাহাটী জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি দুলাল গোস্বামীয়ে। আজি কৰ্ণধাৰ সমিতিৰ বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

কুসুম কুমাৰ মহন্ত ৰাজনৈতিকভাৱে জড়িত থকাৰ অভিযোগ তোলে গোস্বামীয়ে। তেওঁ আৰ এছএছ আৰু বিজেপিৰ সৈতে সম্পৰ্ক থকাৰ লগতে এম এল এৰ টিকট বিচৰাৰ অভিযোগো তোলে দুলাল গোস্বামীয়ে।

গুৱাহাটী মহানগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয় যে যদি কুসুম মহন্তক পদৰ পৰা অপসাৰণকৰাৰ লগতে সত্ৰ মহাসভাৰ পৰা বহিস্কাৰ নকৰে তেন্তে গুৱাহাটী জিলা সমিতিয়ে মূল কৰ্ণধাৰ সমিতিৰ পৰা পদত্যাগ কৰিব।

গোস্বামীয়ে কুসুম মহন্তক জাতিদ্ৰোহী আখ্যা দিয়ে। তেওঁ সত্ৰ মহাসভাত কালিমা সনাৰ অভিযোগ তুলি গোস্বামীয়ে কয় যে সত্ৰ মহাসভা ৰাজনীতিৰ পৰা বহু আঁতৰত থকা অনুষ্ঠান।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানিলৈ তেওঁলোকক আমন্ত্ৰণ কৰা হোৱা নাছিল বুলিও গোস্বামীয়ে তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰে।