NORTHEAST NOW (Assamese)
অসম

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় চৌহদত নতুন ভৱনৰ আধাৰশিলা স্থাপন

Posted by: এন ই নাও নিউজ May 4, 2018 10:29 am
asomsahityasabha

গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপত অৱস্থিত অসম সাহিত্য সভাৰ চৌহদত বৃহস্পতিবাৰে এটি নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় ৷

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সদস্য মহীয়ান ডঃ সতেন্দ্ৰ নাৰায়ণ গোস্বামী আৰু কামৰূপ মহানগৰ সাহিত্য সভাৰ সভাপতি মৃণালীনী দেৱীয়ে এক মাঙ্গলিক পৰিৱেশত ভৱনটোৰ আধাৰ শিলা স্থাপন কৰে ৷

প্ৰয়াত অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ সোঁৱৰাণত আৰু তেওঁৰ পৰিয়ালৰ অৰ্থ সাহাৰ্য্যত তিনি মহলীয়াকৈ নিৰ্মাণ হবলগীয়া ভৱনটোৰ দুটা মহলা অসম সাহিত্য সভাই আৰু এটা মহলা  কামৰূপ মহানগৰ  সাহিত্য সভাই ব্যৱহাৰ কৰিব ৷

আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰয়াত অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ হৈ মাতৃ মৃণালীনী দেৱী, জ্যেষ্ঠ ভাতৃ দিগন্ত বিশ্ব শৰ্মাৰ লগতে ভাতৃ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা নিউজ লাইভৰ পৰিচালন সঞ্চালিকা ৰিণিকি শৰ্মা ভূঞা , অসম সাহিত্য সভাৰ প্ৰচাৰ কোষৰ আহ্বায়ক প্ৰফুল্ল বৰ্মন, কোষাধ্যক্ষ কনক বৰা, অনুবাদ প্ৰকল্পৰ আহ্বায়ক সাহিত্য একাদেমী অনুবাদ বঁটা বিজয়ী বিপুল দেউৰী, লেখিকা পদুমী গগৈ, হৃদয়ানন্দ গগৈ আদি ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷