NORTHEAST NOW (Assamese)

অৰুণাচলত উদযাপন কৰা হ’ল ভাৰত-ভূটানৰ ‘বন্ধুত্ব উৎসৱ’

March 22, 2023 11:24 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 22, 2023 10:30 am

ভাৰত আৰু ভূটানৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ উদযাপনৰ বাবে অৰুণাচল প্ৰদেশত উদযাপন কৰা হয় ‘বন্ধুত্বৰ উৎসৱ’। অৰুণাচল প্ৰদেশৰ জেমিথাঙৰ গোৰ্ছাম চোৰ্টেন স্তুপত উদযাপন কৰা হয় এই বিশেষ উৎসৱ।

লগতে পঢ়কঃ বিধান সভাৰ সীমা নিৰ্ধাৰণ : মুখ্যমন্ত্ৰীৰে বৈঠকত বহিল মিত্ৰজোঁটৰ বিধায়ক

জেমিথাং হৈছে তিব্বত সীমান্তত থকা টাৱাং জিলাৰ এখন গাঁও। গাঁওখনৰ পশ্চিম সীমাৰ পৰা আৰম্ভ হৈছে ভূটান।

উল্লেখ্য যে ১৯৫৯ চনত তিব্বতৰ পৰা পলায়ন কৰি দালাই লামাই প্ৰথম বিশ্ৰাম লোৱা ঠাইখনো এইখনেই।

অসামৰিক প্ৰশাসন আৰু ভাৰতীয় সেনাৰ সহযোগত জেমিথাঙৰ স্থানীয় জনগোষ্ঠীয়ে এই উৎসৱৰ আয়োজন কৰে।

লগতে পঢ়কঃ প্ৰেমে বয়স নামানে! ৯২ বছৰ বয়সত পঞ্চম বিবাহৰ বাবে সাজু মিডিয়া সম্ৰাট ৰুপাৰ্ট মৰ্ডক; কইনা কোন?

অনুষ্ঠানৰ আৰম্ভণিতে পদম শ্ৰী থেংচে ৰিনপোচেৰ দ্বাৰা মুকলি প্ৰাৰ্থনা আৰু খিংজেমানে পবিত্ৰ গছত প্ৰাৰ্থনা কৰা হয়। ১৯৫৯ চনত ভাৰতলৈ অহাৰ সময়ত চতুৰ্দশ দালাই লামাই খিংজেমানে পবিত্ৰ গছ ৰোপণ কৰিছিল বুলি বিশ্বাস কৰা হয়।

লগতে পঢ়কঃ বিশ্বনাথত নাবালিকা ছাত্ৰীক ধৰ্ষণৰ চেষ্টা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ: পলাতক অভিযুক্ত

ভাৰতীয় সেনাই পাইপ বেণ্ড আৰু যুদ্ধ নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন অনুষ্ঠান পৰিচালনা কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজে সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰে।

লগতে পঢ়কঃ ভূমিকম্পই কঁপাই তুলিলে আফগানিস্তান: ভাৰততো অনুভূত কম্পন

চৰকাৰৰ ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ত স্থানীয় জনসাধাৰণক জড়িত কৰাৰ বাবে ৰান ফৰ ‘প্লাষ্টিক ফ্ৰী জেমিথাং’, মেডিকেল কেম্প আৰু ট্ৰেকিং আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এই উৎসৱত ভূটান, টাৱাং আৰু নিকটৱৰ্তী অঞ্চলৰ পৰা অসংখ্য তীৰ্থযাত্ৰী আৰু লামাসকলে অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ ভয়ংকৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ দিশত পৃথিৱী : সতৰ্কবাণী আই পি চি চিৰ

Related News