NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত ৰাজভৱন আৰু চিৰাঙত সেনা আৰু চিআৰপিএফৰ পৃষ্ঠপোষকতাত ৰক্তদান শিবিৰ

Posted by: প্রণব কুমাৰ দাস/ৰিনয় বসুমতাৰী June 14, 2018 8:50 pm
World Blood Donation in Darbar Hall at Raj Bhawan Itanagar (1)

আজি অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰ ৰাজভৱনত অনুষ্ঠিত বিশ্ব ৰক্তদান দিৱস উপলক্ষে আয়োজিত ৰক্তদান দিৱসত উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপালগৰাকীয়ে দৈমুখত মোতায়েন চিআৰপিএফৰ ১৩৮ বেটেলিয়ন, ছেংকি ভিউ, আইটিবিপিৰ ৩১ বেটেলিয়ন, আৰু এনডিআৰএফৰ ১২ বেটেলিয়নক সন্মানিত কৰে। বেটেলিয়নসমূহৰ লোকে নিয়মিতভাৱে ৰক্তদান শিবিৰৰ আয়োজন কৰি অহাৰ বাবে এইদৰে ৰাজ্যপালে তেওঁলোকক সন্মানিত কৰে।

ৰক্তদান কাৰ্যসূচীত অৰুণাচল বিবেকানন্দ যুৱ শক্তিৰ অন্তৰ্গত গোট অৰুণাচল স্বেচ্ছা ৰক্তদাতা সংস্থাৰ প্ৰচেষ্টাক ৰাজ্যপাল গৰাকীয়ে ভূয়সী প্ৰশংসা কৰে।

সমাজৰ কল্যাণৰ হকে কাম কৰি যোৱা বাবে ইটানগৰৰ ৰামকৃষ্ণ মিশ্যন হস্পিটেলৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰী আৰু স্বেচ্ছাসেৱক,  অৰুণাচল প্ৰদেশ এইডছ নিয়ন্ত্ৰণ সমাজ আৰু অৰুণাচল স্বেচ্ছা ৰক্তদাতা সংস্থা আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনী সমূহৰ ৰক্তদাতাসকল আৰু নাগৰিক সমাজৰ শলাগ লয়।

ইটানগৰৰ ৰামকৃষ্ণ মিশ্যন হস্পিটেলৰ সচিব স্বামী বিশ্বেশ্বনন্দ জী, স্বাস্থ্য সেৱা বিভাগৰ ড০ এম লেগো, ৰাজ্যিক ৰক্তদান সংসদৰ সহকাৰী সঞ্চালক ড০ নবাম বুধ, অৰুণাচল প্ৰদেশ ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমাজৰ প্ৰকল্প সঞ্চালক ড০ ৰিকেন ৰীণা আৰু অৰুণাচল স্বেচ্ছা ৰক্তদাতা সংস্থাৰ অধ্যক্ষ শ্ৰী ৰমেশ জাকেই ৰক্তদান সন্দৰ্ভত তেওঁলোকে লাব কৰি অহা অভিজ্ঞতা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে বৰ্ণনা কৰে।

অৰুণাচলৰ ফাৰ্ষ্ট লেডী নীলম মিশ্ৰ, নাহৰলগুনস্থিত টমো ৰিবা ইন্সটিটিউট অব হেল্থ এণ্ড মেডিকেল ছাইন্সৰ সঞ্চালক ড০ মোজি জিনি, ইণ্ডিয়ান ৰেডক্ৰছৰ অৰুণাচল শাখাৰ সদস্য, চিকিৎসক আৰু নাৰ্ছিং ষ্টাফ, প্ৰশিক্ষাৰ্থী আৰু স্বেচ্ছাসেৱকসকল, ষ্টেট ব্লাড ট্ৰেন্সফিউজন কাউঞ্চিল, অৰুণাচলৰ ৰামকৃষ্ণ মিশ্যন হস্পিটেল, অৰুণাচল প্ৰদেশ এইডছ নিয়ন্ত্ৰণ সমাজ, অৰুণাচল স্বেচ্ছা ৰক্তদাতা সংস্থাৰ সদস্যসকল এই অনুষ্ঠানত উপস্থিত আছিল।

এনডিআৰএফ, আইটিবিপি, চিআৰপিএফ, অৰুণাচল স্বেচ্ছা ৰক্তদাতা সংস্থা, ওজু মিশ্যন, ৰাজভৱন, ৰামকৃষ্ণ মিশ্যন হস্পিটেল আৰু বেচৰকাৰী সংস্থাৰ স্বেচ্ছাসেৱকসকলে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিছিল আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত ৮৪গৰাকীয়ে ৰক্তদান কৰে। এভিবিডিঅ আৰু এপিএছএচিএছৰ সহযোগিতাত এছবিটিচিৰ পৃষ্ঠপোষকতাত ৰাজভৱনত অনুষ্ঠিত ৰক্তদান কাৰ্যসূচীত ২গৰাকী ও নেগেটিভ (O negative) ৰক্তদাতা পঞ্জীয়ণভুক্ত হয়।

IMG-20180614-WA0007
চিৰাঙত চিআৰপিএফৰ ১২৯ বেটেলিয়ন আৰু ৰেডহৰ্ন ডিভিজনৰ চিৰাং সেনাৰ যুটীয়া ৰক্তদান শিবিৰৰ দৃশ্য

কোকৰাঝাৰতো আজি বিশ্ব ৰক্তদান দিৱসৰ সৈতে সংগতি ৰাখি ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।কলাইগাঁও সেনা শিবিৰত চিআৰপিএফ আৰু ৰেডহৰ্ন ডিভিজনৰ চিৰাং সেনাই যুটীয়াভাৱে এই ৰক্তদান শিবিৰটোৰ আয়োজন কৰে।

চিৰাং জিলাৰ উপায়ুক্তই এই ৰক্তদান শিবিৰৰ শুভ উদ্বোধন কৰে।বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাডবেংকৰ সহযোগিতাত এই শিবিৰটোৰ আয়োজন কৰা হয়। ইয়াতে মুঠ ২১০গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিছিল।

আনহাতে কোকৰাঝাৰৰ চিআৰপিএফৰ ১২৯ বেটেলিয়নে ভোটগাঁৱত এটা ৰক্তদান শিবিৰৰ আয়োজন কৰে। অতি কমেও ৫০গৰাকী চিআৰপিএফ জোৱানে এই ৰক্তদান শিবিৰত ৰক্তদান কৰে।