NORTHEAST NOW (Assamese)
অসম

অৰুণাচলৰ ১৬৮ টা বান্ধে ধ্বংসস্তুপত পৰিণত কৰিব অসমক : শীঘ্ৰে বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ দাবী কৃষক মুক্তিৰ

Posted by: কল্পজ্যোতি শইকীয়া May 6, 2018 10:38 am
kamang

৬০০ মেগাৱাটৰ বৃহৎ নদী বান্ধ প্ৰকল্প পৰীক্ষণ কালতে বৃহৎ ফাট মেলাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ , সভাপতি ৰাজু বৰা, ভাস্কোডি শইকীয়া আৰু সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, মুকুট ডেকাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে উৎপাদন আৰম্ভ কৰাৰ পূৰ্বে পৰীক্ষণ কালত বৃহৎ ফাট মেলা ঘটনাই প্ৰমাণ কৰিলে বৃহৎ নদীবান্ধ অসমৰ বাবে কিমান ভয়াবহ হ’ব পাৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুসৰি বিৰোধী দল-সংগঠন আৰু ৰাইজে পূৰ্বৰে পৰা কৈ আহিছে যে ঠুনুকা শিলাস্তৰ আৰু অতিশয় ভূমিকম্প প্ৰৱণ অৰুণাচলত নদীবান্ধ নিৰ্মাণ কাহানিও নিৰাপদ নহয়।

আনহাতে, কামেং নদীবান্ধত মেলা বৃহৎ ফাটৰ ঘটনা নিৰ্মাণকাৰী প্ৰতিষ্ঠান নীপকোৱে গাপ দিয়াৰ চেষ্টা কৰাৰ  অভিযোগ তোলে কৃষক সংগঠনটোৱে। তেওঁলোকৰ মতে নিৰ্মাণকাৰী সংস্থাটোৱে বান্ধৰ নিৰাপত্তা আৰু নামনি অংশৰ নিৰাপত্তাৰ বিষয়ত তিলমানো গুৰুত্ব নিদি যিকোনো প্ৰকাৰে নদী বান্ধ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব বিচাৰিছে।

কামেং প্ৰকল্পত সংঘটিত হোৱা ঘটনাৰ দৰে নিৰ্মাণ হ’বলগীয়া ১৬৭ টা প্ৰকল্পতো এনে ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰে সংগঠনটোৱে।

উল্লেখযোগ্য যে অৰুণাচলত নতুনকৈ নিৰ্মাণ হ’বলগীয়া অন্য ১৬৭ টা নদী বান্ধে অসমৰ ক্ষেত্ৰত পেলাব পৰা প্ৰভাব সম্পৰ্কে সাময়িক অধ্যয়নৰ দাবী বিভিন্ন দল-সংগঠনে জনাই আহিছে যদিও এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দাবী মানি নোলোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে।

তাৎপ্ৰয্যপূৰ্ণ ভাৱে অসম চৰকাৰে অৰুণাচলৰ নদীবান্ধৰ বিষয়ে এটাও শব্দ উচ্চাৰণ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। তেওঁৰ মতে ‘জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা কোৱা বিজেপি চৰকাৰ বৰ্তমান লবীৰ পকেটত।