NORTHEAST NOW (Assamese)
অসম

আইছিছৰ সৈতে ৰিজোৱাক লৈ ডি ৱাই-৩৬৫ক প্ৰশ্ন আলফা (স্বাঃ)ৰ

Posted by: এন ই নাও নিউজ June 17, 2018 8:20 pm
Paresh_Baruah

দীননাথ ওৰফে গোপাল উপাধ্যায় নামৰ অপহৃত ব্যক্তিজনৰ ‘স্বীকাৰোক্তি’ৰ আলফা (স্বাঃ) নিৰ্মিত ভিডিঅ’ বাৰ্তা এটাক লৈ ‘আইছিছৰ দৰে ভিডিঅ’ জাৰি আলফা (স্বাঃ)ৰ’ বুলি দিৱাই৩৬৫ নামৰ অসমীয়া বাতৰি চেনেলটোৱে পৰিৱেশন কৰা বাতৰিটো সংগঠনটোক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা বুলি অভিহিত কৰি ভৱিষ্যতে এনে নকৰিবলৈ চেনেলটোক সংগঠনটোৱে আহ্বান জনাইছে।

বাতৰিটো ‘তেনেকৈ প্ৰচাৰ কৰাৰ উদ্দেশ্য কি’ বুলি দিৱাই৩৬৫ ক প্ৰশ্ন কৰি আলফা (স্বাঃ) ‘জাত-পাত, ধৰ্ম আদি অবিজ্ঞানিক চিন্তা-চৰ্চাৰ ঊৰ্ধ্বত’ বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে।

https://www.facebook.com/nenowassam/videos/187873471922347/

আলফা (স্বাঃ)ৰ ভিডিঅ’টোৰ লগত ‘আইচিচৰ শিৰচ্ছেদ কৰাৰ প্ৰাক মুহূৰ্তৰ ভয়াৱহ দৃশ্য সংলগ্ন কৰি আমাৰ সংগঠনক আইচিচৰ ইছলামী বৰ্বৰতা অনুকৰণ কৰাৰ বাৰ্তা বিয়পোৱা’ৰ মানসিকতাৰে বাতৰিটো পৰিৱেশিত হৈছে বুলি মন্তব্য কৰিছে সংগঠনটোৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক মে’জৰ অৰুণোদয় অসমে।

আইচিচৰ দৰে ‘কোৰাণ বা আন ধৰ্মগ্ৰন্থ নামানো’ বুলিও আলফা (স্বাঃ)এ আজি ১৭ জুনত প্ৰেৰণ কৰা বিবৃতিত কোৱা হৈছে।