• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা (স্বাঃ)ৰ কেম্পৰ পৰাই বিধায়ক ভাস্কৰ শৰ্মাৰ ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিলে অপহৃত চাহ বাগিচা কৰ্মীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2018 7:22 pm
DeenanathUpadhya

আলফা (স্বাঃ)ৰ কেম্পত সংগঠনটোৰ দ্বাৰা অপহৃত দীননাথ উপাধ্যায়ক দেখা গৈছে।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৮ জুনত আলফা (স্বাঃ)ই অপহৰণ কৰি নিয়া জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং উদয়পুৰৰ বাসিন্দা তথা এখন ব্যক্তিগত মালিকানাধীন ক্ষুদ্ৰ চাহ বাগিচাৰ মহৰী দীননাথ ওৰফে গোপাল উপাধ্যায়ে (৫০) আলফা (স্বাঃ)ৰ জিম্মাত থকা অৱস্থাত দিয়া এটা ভিডিঅ’ বাৰ্তাই শেহতীয়াকৈ এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভিডিঅ’টোত অপহৃত দীননাথ উপাধ্যায়ক স্পষ্ট ভাষাত তেওঁৰ অপহৰণৰ আঁৰৰ কাহিনী কোৱা দেখা গৈছে। আনহাতে তেওঁ এই অপহৰণৰ বাবে পোনপটীয়াকৈ দায়ী কৰিছে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক তথা আত্মসমৰ্পণকাৰী আলফা ভাস্কৰ শৰ্মা আৰু ক্ষুদ্ৰ চাহ বাগিচাখনৰ মালিক ৰাধা চেতিয়াক।

Apply Now

উল্লেখযোগ্য যে এই চাঞ্চল্যকাৰী ভিডিঅ’টো পোৱা গৈছে আলফা স্বাধীন (Ulfa Swadhin ) নামৰ ফেইচবুক পেইজটোত।

এই ভিডিঅ’টোৱে দীননাথ উপাধ্যায়ক যে আলফা (স্বাঃ)ৰ দ্বাৰাই অপহৰণ কৰা হৈছে সেইটো নিশ্চিত কৰাৰ লগতে তেওঁ এতিয়াও আলফা (স্বাঃ)ৰ জিম্মাত থকাটোও নিশ্চিত কৰিছে।

আনহাতে ভিডিঅ’টোত উপাধ্যায়ে অভিযোগ কৰামতে, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু বাগিচাখনৰ মালিক ৰাধা চেতিয়াই তেওঁক আলফা আৰু এন এছ চি এনৰ কেডাৰবিলাকৰ অৱস্থান আৰু তেওঁলোকে লৈ ফুৰা মাৰণাস্ত্ৰ সম্পৰ্কত তথ্য সংগ্ৰহ কৰিবলৈ বাধ্য কৰিছিল। ইয়াৰ বাবে তেওঁক অধিক দৰমহা তথা বোনাচ দিয়াৰ প্ৰলোভনো দিছিল।

উপাধ্যায়ে দাবী কৰিছে যে যিহেতু তেওঁলোক দুজনৰ বাবেই তেওঁ আলফাৰ ৰোষৰ বলি হ’ব লগীয়া হ’ল, গতিকে তেওঁলোকে এতিয়া তেওঁক মোকলাই নিয়াৰ ব্যৱস্থা কৰিব লাগে।

মন কৰিব লগীয়া যে ভিডিঅ’টোত অপহৃত উপাধ্যায়ে স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে আন বহুতকেই এইদৰে আলফা (স্বাঃ)ৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাত ব্যৱহাৰ কৰি আছে। আনহাতে জাগুনৰ বনাঞ্চলত আন ঠাইৰ পৰা মানুহ আনি বহুওৱাতো বিধায়কজনৰ হাত আছে বুলি নিজৰ স্বীকাৰোক্তিত প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে যোৱা ১১ জুনত দীননাথৰ পৰিয়ালটোৱে আৰু গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে তেওঁক মুকলি কৰি দিয়াৰ বাবে আলফাক কাতৰ আৱেদন জনাইছিল। দুৰ্ভগীয়া পৰিয়ালটোৰ মূল ব্যক্তিজন এইদৰে বলিৰ পঠা হ’ব লগীয়া হোৱাত মানসিকভাৱে ভাগি পৰিছে তেওঁৰ পত্নী আৰু সন্তান দুটি।

ভিডিঅ’ বাৰ্তাটোত দীননাথে তেওঁক এইবোৰ ভুল কাম কৰিবলৈ বিধায়ক ভাস্কৰ শৰ্মা আৰু ৰাধা চেতিয়াই বাধ্য কৰাইছিল আৰু সেইবাবে এতিয়া তেওঁলোকে মোকলাই নিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd