NORTHEAST NOW (Assamese)

আইজল এফ চি অনুৰাগীয়ে এজাহাৰ দিলে অপপ্ৰচাৰত জড়িত প্ৰাক্তন প্ৰশিক্ষকৰ বিৰুদ্ধে

January 16, 2018 6:08 pm · সংযুৱালা মাৰ
আইজল এফ চি অনুৰাগী
আইজল এফ চিৰ অনুৰাগীসকলে এখন সংবাদমেলত ভুৱা তথ্য দিয়াৰ অভিযোগত দলটোৰ প্ৰাক্তন প্ৰশিক্ষক খালিদ জামিলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

আইজল এফ চি কেন্দ্ৰীয় ফেন ক্লাবে আজি আইজল আৰক্ষী থানাত এই এজাহাৰখন দাখিল কৰিছে। ফেন ক্লাবটোৰ নেতাসকলে খলিল জামিলৰ মিছা মতাৰ আৰু তেওঁক জনপ্ৰিয় কৰি তোলা ক্লাবটোক বদনামী কৰাৰ অভিযোগ উত্থাপন কৰিছে।

আইজল এফ চি ফেন ক্লাবে অভিযোগ তুলিছে যে, ‘যোৱা বছৰ আই লীগ খিতাপ জয় কৰাৰ পিছত আমাৰ ক্লাবৰ বিষয়ববীয়াসকলে জামিলক আগতকৈ অধিক ধনৰ এক নতুন অ’ফাৰ যাচিছিল, কিন্তু তেওঁ তাৰ প্ৰতি সঁহাৰি নজনাই ক্লাবটোৱে তেওঁৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছে বুলি প্ৰচাৰ কৰিছে।’

উল্লেখযোগ্য যে ইষ্ট বেংগলৰ সৈতে আইজল এফ চিৰ খেলখনৰ আগমুহূৰ্তত আইজলত এক সংবাদমেলত বৰ্তমান ইষ্ট বেংগলৰ প্ৰশিক্ষক জামিলে কৈছিল যে আইজল এফ চিৰ প্ৰশিক্ষক পদৰ পৰা তেওঁক খেদাই পঠোৱা হৈছিল।

জামিলৰ এই কথাত আইজল এফ চিৰ অনুৰাগীসকল ক্ৰোধান্বিত হৈ অভিযোগ দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অনুৰাগীসকলে কয় যে, ‘তেওঁ নিজৰ আৰ্থিক লাভৰ বাবে ক্লাবটো ত্যাগ কৰি তেওঁক জনাজাত কৰি তোলা ক্লাবটোৰ বিৰুদ্ধে মিছা প্ৰচাৰ চলাইছে।’

উল্লেখযোগ্য যে স্পেনিশ্ব প্ৰশিক্ষক ৰাতামেৰিক এৰি যোৱা আই লীগ শৃংখলাৰ বাবে আইজল এফ চিয়ে জামিলক প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল। সেই মুম্বাই এফ চিয়ে ত্যাগ কৰা জামিলৰ কোনো দল নাছিল। আইজল এফ চিৰ দা্যিত্ব গ্ৰহণ কৰাৰ পিছত তেওঁৰ স্বপ্নৰ দৌৰ আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত লীগৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল।

আইজল এফ চিৰ বিষয়ববীয়াসকলে জনোৱা মতে তেওঁলোকৰ প্ৰশিক্ষক হিচাপে তেওঁক ৰাখিবৰ বাবে চলোৱা সকলো প্ৰচেষ্টা বিফল হৈছিল।

Related News