NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

আগৰতলাত বিজেপি কৰ্মীক গুলীয়াই হত্যা; এজনক আটক

Posted by: পিনাকী দাস June 24, 2018 6:07 pm
আগৰতলাত বিজেপি কৰ্মীক গুলীয়াই হত্যা; এজনক আটক

কালি নিশা দুৰ্বৃত্তই বিজেপিৰ এগৰাকী ৱাৰ্ড সচিবক নিজ বাসগৃহৰ সন্মুখতে গুলীয়াই হত্যা কৰা ঘটনাই আগৰতলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিহত বিজেপি কৰ্মীজনক আগৰতলাৰ মিলনচক্ৰ আদৰ্শ পাল্লিৰ বাসিন্দা বিশ্বজিত পাল বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, নিহত লোকজনৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰাণজিৎ ভৌমিক নামৰ এজন লোকক আটক কৰিছে। ধৃত প্ৰাণজিতৰ পৰা এটা ৯ এম এম পিষ্টল আৰু পাঁচ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ মতে পালক নিচেই ওচৰৰ পৰা গুলীওৱা হৈছে, আনহাতে হত্যাকাৰী পালৰ চিনাকি হয় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। বাতৰি লিখা সময়লৈকে দুজন লোকৰ নামত এজাহাৰ দাখিল কৰা হৈছে।

তদুপৰি ধৃত প্ৰাণজিতক বৰ্তমান এই সংক্ৰন্তত জেৰা চলাই থকা হৈছে বুলি উল্লেখ কৰি আৰক্ষীয়ে ঘটনা সম্পৰ্কত কিছু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে বুলি কয়।

উল্লেখযোগ্য যে ৰাজনৈতিক হিংসা নতুন ঘটনা নহয়। বিধানসভা নিৰ্বাচনৰ আগে পিছেও ৰাজ্যখনত বিজেপি আৰু বাঁও সমৰ্থকসকলৰ মাজত বহুকেইটা হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল।