NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা কোকৰাঝাৰত আছুৰ ‘নাছিৰ হুছেইন সোঁৱৰণী স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা’

Posted by: ৰিনয় বসুমতাৰী February 8, 2018 10:20 am
ASSU Volleyball Championship

সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে আয়োজন কৰি অহা ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত আৰম্ভ হৈছে ।

কোকৰাঝাৰ জিলা আছুৰ উদ্যোগত আৰু বালাজান তিনালী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কোকৰাঝাৰ বালাজান তিনালীৰ নিকটৰ গৌৰাং হাইস্কুল খেলপথাৰত আৰম্ভ হোৱা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাত ৰাজ্যৰ ২৩ টা ভলীবল দলে অংশগ্ৰহণ কৰিছে।

প্ৰতিযোগিতাখনৰ আজিৰ কাৰ্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাঙ্কৰ নাথে আছুৰ পতাকা উত্তোলন কৰে। ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনাময় খেলুৱৈ আছে বুলি মতপোষণ কৰি সভাপতি গৰাকীয়ে কয় যে আছুৱে শৈক্ষিক দিশৰ উপৰিও ক্ৰীড়াৰ উন্নয়নতো মনোনিৱেশ কৰিব।

সংগঠনটোৰ সোধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে শ্বহীদ তৰ্পন কৰা আজিৰ শুভাৰম্ভণি অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্ঠা ড° সমুজ্জ্বল ভট্টাচাৰ্যই গৌৰাং নামৰ স্মৰণিকাখন উন্মোচন কৰে।

ইয়াৰোপৰি অনুষ্ঠানটোত নাছিৰ হুছেইনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে প্ৰয়াত হুছেইনৰ সহধৰ্মিনী নাৰ্জি হুছেইন চৌধুৰীয়ে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা কৃষ্টি প্ৰদৰ্শনৰ পিছতে ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই আছুৰ আন্তঃজিলা স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে।

আজিৰ অনুষ্ঠানতে ক্ৰীড়া সংগঠক চিমছন মুছাহাৰী আৰু প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মানিক চন্দ্ৰ ৰায়ক আছুৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন  কৰা হয় ।