NORTHEAST NOW (Assamese)
অসম

আজি অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলৰ বিহু ইবাঁক বিচু

Posted by: এন ই নাও নিউজ April 18, 2018 11:20 am
Deori_bihu

আজি বহাগৰ প্রথমটো বুধবাৰ। বহাগৰ আৰম্ভণিতে  অসমৰ আন আন জনগোষ্ঠীবিলাকে বসন্ত উৎসৱ পালন কৰাৰ দৰে অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলেও পৰম্পৰা আৰু ঐতিহ্য চেতনাৰ মাজেৰে  বসন্ত উৎসৱ পালন কৰে আজিৰ দিনটোতে। এই উৎসৱক সম্প্ৰদায়টোৰ মাজত ‘ইবাঁকু বিচু’ বুলি কোৱা হয়।

এই উৎসৱত দেউৰীসকলৰ প্ৰতিটো খেল বা ফৈদৰ দেৱালয়ত সমূহীয়াকৈ এই বিহুৰ পূজা পতা হয়। ইয়াক বহাগ বিহুৰ পূজা উৎসৱ বুলিও কোৱা দেখা যায়। এই পূজা দুটা ভাগত হয়। এটা পৰিয়াল ভিত্তিক আৰু আনটো সামূহিক। প্ৰথমটোক সুবচনী পূজা বা ঘৰদেও পূজা আৰু দ্বিতীয়টোক দেওশাল বা দেৱালয়ৰ পূজা বোলে। পৰিয়ালত পতা পূজাত ঘৰৰ মুৰব্বীজনে পৰিয়ালৰ পূৰ্বপুৰুষ অৰ্থাৎ মৃতকসকলক উদ্দেশ্য কৰি খাদ্যাদি আগ বঢ়ায়।

DeuriBihu_Secondary_2
মাজুলীৰ এখন গাৱঁত দেউৰী বিহুত বোকাখেল খেলা দেখা গৈছে। ফটো : মিণ্ট খাটনিয়াৰ। ( ১৮ এপ্ৰিল, ২০১৮)

পূজাৰ উপৰি মহিলা সকলে কণী যুঁজ খেলাৰ উপৰি বোকা খেলত ভাগ লয়। ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে বিহু গায়। ঘৰে ঘৰে বিহু গোৱাৰ শেষত মুকলি পথাৰত গৈ বিহু উৰুৱায় বা বিহুক বিদায় জনায়।

উৎসৱৰ সময়ছোৱাত ইজনে সিজনৰ ঘৰলৈ গৈ শুভেচ্ছা দিয়াৰ লগতে কাজি আৰু চুঁজে খোৱাৰ পৰ্ব আৰম্ভ কৰে।

আনহাতে আজিৰ দিনটোতে নতুনকৈ যৌৱনপ্ৰাপ্ত কিশোৰসকলক চুৰিয়া পিন্ধোৱা হয়। ১৩-১৪ বছৰীয়া ছোৱালীবিলাককো একেদৰে গাত কাপোৰ দিয়া হয়। ইয়াৰ জৰিয়তেই তেওঁলোকক ডেকা-গাভৰু বুলি স্বীকৃতি দিয়া হয়।