NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ সমষ্টিৰ ‘উন্নয়ন’ক চৰম ভেঙুচালিৰে বিধ্বস্ত পথত পুনৰ ঠেলাৰ ওপৰতে প্ৰসৱ সন্তান

Posted by: মিটু খাটনিয়াৰ September 22, 2018 5:31 pm
মুখ্য মন্ত্ৰীৰ সমষ্টিৰ ‘উন্নয়ন’ক চৰম ভেঙুচালিৰে বিধ্বস্ত পথত পুনৰ ঠেলাৰ ওপৰতে প্ৰসৱ সন্তান

মাজুলী অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি। ‘ৰিভাৰ এম্বুলেন্স’, ‘উভচৰ আকাশীযান’, ‘য়ুনেস্ক’ৰ ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি’ৰ দৰে মাজুলী-চৰ্চাক বাগাড়ম্বৰত পৰিণত কৰি শনিবাৰে বিধ্বস্ত পথত ঠেলাৰ ওপৰতে যন্ত্ৰণাত ছটফটাই সন্তান প্ৰসৱ কৰিব লগা হৈছে এগৰাকী মহিলাই।

প্ৰসৱ বেদনাত ছটফটাই থকা মহিলাগৰাকীক এখন ঠেলাত তুলি পৰিয়ালৰ লোকে আশাকৰ্মীৰ সৈতে চিকিৎসালয় অভিমুখে আনি আছিল।

কিন্তু ঠাকুৰসুতি নামৰ ঠাইত এটা কালভাৰ্টত ঠেলাখন উঠাবলৈ লওঁতেই প্ৰচণ্ড যন্ত্ৰণাত বোকা-পানীৰে ভৰা পথৰুৱা বাটত প্ৰখৰ ৰ’দত ঠেলাৰ ওপৰতে সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে।

লগতে পঢ়ক মাজুলীত বতাহ-বৰষুণৰ মাজত ৰাস্তাতে সন্তান প্ৰসৱ মহিলাৰ!

মাজুলীৰ জিলা সদৰ গড়মূৰৰ কাষৰে ৰনুচুক গাঁৱত আজিও নাই এম্বুলেন্স যাব পৰা পথ। আৰু ঠেলাই তাত পালন কৰে ১০৮ৰ ভূমিকা।

লগতে পঢ়ক মাজুলীৰ পৰা চলিব উভচৰ আকাশীযান

ছবিত দেখা এই পথেৰেই যাতায়াত কৰে ৬খনকৈ গাঁৱৰ লোকে।

আশাকৰ্মীৰ সহায়ত পৰিয়াল আৰু যাত্ৰাৰ সংগী লোকসকলৰ সহায়ত পৃথিৱীৰ মুখ দেখা ৰনুচুক গাঁৱৰ দেৱ-মিণ্টু পাদুনৰ সন্তানটিৰ নাম ৰাইজে ৰাখিছে– ‘ৰাজশ্ৰী’।

সৌভাগ্যৰ কথা মাক আৰু সন্তান দুয়ো কুশলে আছে।