NORTHEAST NOW (Assamese)

আবিৰৰ ৰঙেৰে একাকাৰ কোকৰাঝাৰৰ আকাশ-বতাহ

March 2, 2018 12:30 pm · ৰিনয় বসুমতাৰী

সমগ্ৰ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাতো ৰঙৰ উৎসৱ ফাঁকুৱা বা হোলী উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে।

জিলাখনৰ প্ৰতিটো প্ৰান্তৰ ৰাইজে দৌল যাত্ৰা আৰু ফাঁকুৱা উপলক্ষে স্বত:স্ফূৰ্তভাৱে ওলাই অহা পৰিলক্ষিত হৈছে। আনহাতে বিভিন্ন জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে আবাল বৃদ্ধ বনিতাই আজিৰ দিনটোত ইজনে সিজনৰ গালে মুখে ৰং সানি আনন্দ প্ৰকাশ কৰাৰ লগতে কনিষ্ঠ সকলে জ্যেষ্ঠ সকলৰ আশিস গ্ৰহণ কৰিছে।

উল্লেখ্য যে ৰঙৰ এই উৎসৱক লৈ স্থানীয় লোকসকলৰ মাজত বিশেষকৈ যুৱক-যুৱতী সকলৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা গৈছে।

আনহাতে শিশু সকলে বাটৰ কাষত ৰৈ লগে ভাগে বাটৰুৱাক আবিৰ সানি দিয়া দৃশ্য হৈ পৰিছে যথেষ্ট মনোগ্ৰাহী।

দৈজিৰি দৌল যাত্ৰা মহোৎসৱ সমিতিয়ে তিনিদিনীয়াকৈ পালন কৰা ফাঁকুৱাক লৈ ইতিমধ্যে স্থানীয় ৰাইজৰ মাজত উৎসাহ দেখা পোৱা গৈছে।

তদুপৰি নামঘৰ আদিত সকলোৱে লগে ভাগে সমৱেত হৈ ফাঁকুৱা খেলা আৰু হোলী গীত পৰিৱেশন কৰাটোৱে উৎসৱৰ মাধুৰ্য বহুগুণে বৃদ্ধি কৰিছে। উল্লখ্য যে ফাঁকুৱা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

 

Related News