NORTHEAST NOW (Assamese)

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত পুনৰ কাইলৈৰ পৰা উচ্ছেদ অভিযান

November 26, 2017 9:01 am ·

গুৱাহাটী মহানগৰীৰ দাঁতিতে থকা আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত কাইলৈৰ পৰা উচ্ছেদ অভিযান পুনৰ আৰম্ভ হ’ব। এই কথা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে। উল্লেখযোগ্য যে যোৱা ২৫ আগষ্টৰ পৰা অভয়াৰণ্যখনত উচ্ছেদ অভিযান চলোৱা হৈছিল যদিও কিছু ভুক্তভোগীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰাত উচ্ছেদ অভিযান আধৰুৱাকৈ বন্ধ ৰাখিব লগীয়া হৈছিল। কিন্তু শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অভয়াৰণ্যখনত উচ্ছদ চলাবৰ বাবে প্ৰশাসনক সম্পূৰ্ণ বাট মুকলি কৰি দিয়ে। কাইলৈৰ পৰা চলিব লগীয়া উচ্ছেদ অভিযানৰ বাবে সঠিক কৌশলৰ আলোচনা কৰিবৰ বাবে কালি পাঞ্জাবাৰীৰ শিল্পগ্ৰামত জিলা প্ৰশাসন, বন বিভাগ আৰু অসম আৰক্ষীৰ এক উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হয়। উচ্ছেদ অভিযানৰ বাবে পৰ্য্যাপ্ত সংখ্যক আৰক্ষী, কৰ্মী, হাতী, বুলডজাৰ সাজু কৰা বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে বনাঞ্চলখনত বসতি স্থাপন কৰা লোকসকল ঘাইকৈ বান, গৰাখহনীয়া আদিত ভেটি হেৰুওৱা কাৰ্বি, মিচিং, ডিমাচা, বড়ো, ৰাভা আদি জনগোষ্ঠীৰ বুলি জানিব পৰা গৈছে। আনহাতে প্ৰশাসনৰ এই উচ্ছেদৰ সিদ্ধান্তটোৰ তীব্ৰ বিৰোধিতা কৰিছে বহুকেইটা দল-সংগঠনে। সদৌ অসম মিচিং ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিও তাৰ মাজত আছে। উচ্ছেদ অভিযানৰ সিদ্ধান্তটোৰ প্ৰতিবাদত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক ধৰ্ণা কাৰ্য্যসূচী লয়, য’ত বহু সংখ্যক স্থানীয় লোকে অংশ গ্ৰহণ কৰে।

Related News