NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা জুবিন অৱশেষত শুৱালকুছি আৰক্ষীৰ জালত

Posted by: এন ই নাও নিউজ May 17, 2018 5:03 pm

বুধবাৰে নিশা শুৱালকুছি আৰক্ষীয়ে স্থানীয় ৰাইজৰ তৎপৰতাত জুবিনক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা নিশা শুৱালকুছিৰ মধ্য ফুলবাৰী পাহাৰৰ এঘৰ লোকৰ বাসগৃহত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি জুবিনে প্ৰৱেশ কৰিছিল চুৰি কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যে। কিন্তু জুবিনে নিজ কৰ্মত সফল হ’ব নোৱাৰিলে যিহেতু গৃহস্থই অতি তৎপৰতাৰে জুবিনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰু পিছত শুৱালকুছি আৰক্ষীক চমজাই দিয়ে।

প্ৰাপ্ত তথ্য মতে জুবিন দাস নামৰ এই দুৰ্ধৰ্ষ চোৰটোৰ সন্ত্ৰাসত অতিষ্ঠ হৈ আহিছিল শুৱালকুছিবাসী। লগতে শুৱালকুছি আৰক্ষীৰো মূৰৰ কামোৰণি হৈ পৰিছিল জুবিন দাস নামৰ এই দুৰ্ধৰ্ষ চোৰটো। কাৰণ নিশা হোৱাৰ হোৱাৰ লগে লগেই সক্ৰিয় হৈ পৰে জুবিন আৰু জুবিনৰ গেং।

কেইদিনমানৰ পূৰ্বেও জুবিন দাস নামৰ এই দুৰ্ধৰ্ষ চোৰটোৱে শুৱালকুছি জ্যেষ্ঠ সাংবাদিক প্ৰবীণ দাসৰ ঘৰতো লুট-পাত চলাইছিল। আনকি পূৰ্বে কেইবাবাৰো চুৰি কাৰ্য সংঘটিত কৰি জেইলৰ ভাত খাইছিল।

অৱশ্যে বহু দিনৰ পৰা আৰক্ষীয়ে বিচাৰি চলাথ কৰি ফুৰা দুৰ্ধৰ্ষ জুবিনক স্থানীয় ৰাইজৰ তৎপৰতাত আটক কৰিবলৈ সক্ষম হোৱাত শুৱালকুছিবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে।