NORTHEAST NOW (Assamese)

আৰ্চেনিকত আক্ৰান্ত মাজুলীৰ চেঁচাচুক গাঁৱত উপস্থিত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

June 4, 2018 12:13 pm · মিটু খাটনিয়াৰ

অসম চৰকাৰৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আজি পুৱাই নিমাতী কমলাবাৰী ফেৰী ঘাটেৰে উপস্থিত হয় সত্ৰ নগৰী মাজুলীত। নামনি মাজুলীৰ চেঁচাচুক অঞ্চলৰ লোকসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যেই মন্ত্ৰী ব্ৰহ্মই আজি মাজুলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে প্ৰতি বছৰে বানে জুৰুলা কৰা চেঁচাচুক অঞ্চলৰ লোকসকলে বছৰ বছৰ ধৰি হাঁহাকাৰ কৰিব লগীয়া হৈছে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে।

আৰ্চেনিকযুক্ত বিষাক্ত পানী সেৱন কৰাৰ ফলতেই শিশু-কিশোৰৰ পৰা গাঁওখনৰ অনেক লোক আক্ৰান্ত হৈছে বিভিন্ন অচিন ৰোগত। অঞ্চলবাসীয়ে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো প্ৰশাসনে আজি পৰ্যন্ত কৰি দিয়া নাই উপযুক্ত খোৱা পানীৰ ব্যৱস্থা।

বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ নীৰৱ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে মন্ত্ৰীগৰাকীৰ আজিৰ এই ভ্ৰমণত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে অঞ্চলবাসী।

আৰ্চেনিকযুক্ত খোৱা পানীৰ সমস্যাৰ পৰা চেঁচাচুক অঞ্চলবাসীক চৰকাৰে কিদৰে মুক্ত কৰে বা মন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেইয়া হব লক্ষণীয়।

Related News