NORTHEAST NOW (Assamese)

উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ সীমান্ত অঞ্চলত বাস কৰা লোকসকলে লাভ কৰিব ভাৰত-ম্যানমাৰ সীমান্ত প্ৰৱেশ পত্ৰ

January 14, 2018 12:49 pm · এন ই নাও নিউজ
ভাৰত-মানমাৰ সীমান্ত

অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম চৰকাৰক সীমান্তৰ ১৬ কিলোমিটাৰৰ ভিতৰত বাস কৰা লোকসকলক সীমান্ত প্ৰৱেশ পত্ৰ দিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছে। এই প্ৰৱেশ পত্ৰ কেৱল স্থায়ী বাসিন্দাসকলকহে দিয়া হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ এই চাৰিখন ৰাজ্যৰ সৈতে ম্যানমাৰৰ উন্মুক্ত সীমান্ত পৰি ৰৈছে। ভাৰত আৰু ম্যানমাৰৰ মাজত ১,৬৪৩ কিলোমিটাৰ সীমান্ত উন্মুক্ত হৈ আছে। ইয়াৰ বিতৰত অৰুণাচল প্ৰদেশত ৫২০ কিলোমিটাৰ, নাগালেণ্ডত ২১৫ কিলোমিটাৰ, মণিপুৰত ৩৯৮ কিলোমিটাৰ আৰু মিজোৰামত আছে ৫১০ কিলোমিটাৰ।

এই চাৰিখন ৰাজ্যৰ ৰাজ্য চৰকাৰসমূহক সীমান্ত অঞ্চলৰ বাসিন্দাসকলক যিমান সম্ভৱ সোনকালে আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰিবলৈও কেন্দ্ৰই লগতে নিৰ্দেশ দিছে।

ম্যানমাৰৰ ৰাষ্ট্ৰপতি আং ছান ছ্যু কীয়ে গণতন্ত্ৰ দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বাবে দেশৰ ৰাজধানী নতুন দিল্লীত উপস্থিত হ’ব। তেওঁৰ ভ্ৰমণৰ সময়তে দুয়োখন দেশৰ মাজত এখন আনুষ্ঠানিক চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

সীমান্তৰ সিপাৰৰ পৰা বিদ্ৰোহী আৰু চোৰাং ব্যৱসায়ীৰ অবাধ প্ৰৱেশৰ বিষয়টো ভাৰতে উত্থাপন কৰাৰ পিছত সীমান্ত অঞ্চলৰ বাসিন্দাক প্ৰৱেশ পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

দুয়োখন দেশৰ লোকৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে সীমান্তৰ যোগেদি প্ৰৱেশৰ বিষয়টোকলৈ ভাৰত আৰু ম্যানমাৰৰ মাজৰ এখন চুক্তিত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে।

Related News