NORTHEAST NOW (Assamese)

উমানন্দত স্থাপন যাত্ৰী জিৰণি চ’ৰাৰ আধাৰশিলা : শিৱৰাত্ৰি উপলক্ষে ব্যাপক ভিৰ গুৱাহাটীৰ শিৱ মন্দিৰসমূহত

February 14, 2018 4:23 pm · এন ই নাও নিউজ
Updated: February 14, 2018 5:36 pm
উমানন্দলৈ ভক্তৰ সোঁত (ফাইল ফট’)

শিৱৰাত্ৰি উপলক্ষে অইন বাৰৰ দৰেই আজিও ব্ৰহ্ম পুৱাৰে পৰা অগণন ভক্তই গুৱাহাটীৰ বিভিন্ন শিৱ মন্দিৰ বিশেষকৈ উমানন্দ মন্দিৰত ভিৰ কৰে।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত এম অংগমুথুৱে উমানন্দ মন্দিৰত এক যাত্ৰী জিৰণী চ’ৰাৰ আজি আধাৰশিলা স্থাপন কৰে। গুৱাহাটী শোধনাগাৰৰ ২০ লাখ টকা অনুদানেৰে এই জিৰণী চ’ৰাটো নিৰ্মাণ কৰা হ’ব।

উমানন্দ মন্দিৰ

অসম আন্তঃৰাজ্যিক জল পৰিবহণ বিভাগে গুৱাহাটীৰ কাছাৰী ঘাট আৰু উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰ ঘাটৰ পৰা উমানন্দ মন্দিৰলৈ ৰাতিপুৱা ৮ বজাৰ পৰা অতিৰিক্ত ৮ খন ফেৰি যোগান ধৰিছে।

ফেৰিকেইখন হ’ল নাহৰবিল, কাজিৰঙা, ৰূপকোঁৱৰ, কদম, তৰংগ, বাঘবৰ, তুনি আৰু বগীনদী।

যাত্ৰীসকলে ফেৰিত সুকলমে উঠাৰ সুবিধা হোৱাকৈ প্ৰশাসনে অস্থায়ী দলঙ সাজি দিছে।

প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ মাজৰ এই ক্ষুদ্ৰ নদীদ্বীপটোত হোৱা অগণন ভক্তৰ ভিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো ধৰণৰ দুৰ্যোগ ৰোধ কৰিব পৰাকৈ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী নিয়োগ কৰা হৈছে।

নিৰাপত্তাজনিত কাৰণত সকলো বেচৰকাৰী ফেৰিৰ চলাচল বন্ধ ৰখা হৈছে। শিৱৰাত্ৰি উপলক্ষে মহানগৰ আৰক্ষীয়ে উমানন্দ মন্দিৰ চৌহদ আৰু আশে-পাশে নিৰাপত্তা বৃদ্ধি কৰিছে।

 

Related News