NORTHEAST NOW (Assamese)
অসম

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ উত্তৰ ত্ৰিপুৰাৰ ৰাউণ্ডচাৰা গাওঁবাসীৰ

Posted by: পান্না ঘোষ March 22, 2018 7:13 pm
World-Water-Day-570x320

সমগ্ৰ বিশ্বই বিশ্ব জল দিৱস পালনৰ বাবে সাজু হোৱাৰ সময়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক লোকে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

উত্তৰ ত্ৰিপুৰাৰ অন্তৰ্গত পানীসাগৰ মহকুমাৰ অধীনৰ ৰাউণ্ডচাৰা এডিচি নামৰ গাওঁখনত ৰাইজৰ বাবে এতিয়া খোৱা পানীৰ উৎস এটা লেতেৰা সুঁতি।

গাওঁখনত মুঠতে ৪৪ টা ৰিয়াং সম্প্ৰদায়ৰ পৰিয়াল আছে। তেওঁলোকে স্বাধীনতাৰ সময়ৰে পৰা গাওঁখনত বাস কৰি আছে। দেশৰ স্বাধীনতা লাভৰ ইমান বছৰ পিছতো গাওঁখনৰ বাসিন্দাসকলে এতিয়াও এটুপি বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিব পৰা নাই।

গাওঁখনত এটা অংগনবাদী কেন্দ্ৰ আৰু এখন নিম্ন বুনিয়াদী বিদ্যালয় আছে, কিন্তু তাত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই। গাওঁখনৰ বেছিভাগ লোকেই অষ্টম শ্ৰেণীলৈকে পঢ়া। জানিব পৰা মতে গাওঁবাসীয়ে স্বাস্থ্যজনিত সমস্যাত ভূগি থাকিবলগীয়া হৈছে।

গাওঁবাসীয়ে বাওঁমৰ্চা চৰকাৰ থকা সময়ত কেইবাবাৰো সংশ্লিষ্ট কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছিল যদিও কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে।

গাওঁখনত উপযুক্ত পথ আৰু পৰিবহনৰ সুবিধাও নাই।

অৱশ্যে, বছৰ বছৰ ধৰি বঞ্চিত হৈ অহাৰ পিছত গাওঁবাসীয়ে আশা ব্যক্ত কৰিছে যে বিজেপি বিধায়কগৰাকীয়ে গাওঁখনত বুনিয়াদী সুবিধাসমূহ উন্নত কৰি তোলাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁলোকে আশাৰ ৰেঙণি দেখা পাইছে।