NORTHEAST NOW (Assamese)

এন আৰ চিক লৈ তৎপৰ দেৱব্ৰত শইকীয়া, দেশৰ প্ৰত্যেক মুখ্য মন্ত্ৰীলৈ ব্যক্তিগত পত্ৰ

August 5, 2018 10:58 pm · স্মিতা ভট্টাচাৰ্য্য
Updated: August 5, 2018 11:01 pm
অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া : ফাইল ফটো

অসমৰ পৰা সত্যাসত্য নিৰূপণৰ বাবে পঠোৱা এন আৰ চিৰ নথি-পত্ৰসমূহৰ পৰীক্ষা  যিমান পাৰি সোনকালে কৰি পুনৰ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়াটো ব্যক্তিগতভাৱে নিশ্চিত কৰিবলৈ দেশৰ প্ৰতিজন মুখ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।

ভাৰতৰ প্ৰতিজন মুখ্য মন্ত্ৰীলৈ প্ৰেৰিত পত্ৰত শইকীয়াই কয় যে প্ৰয়োজনীয় তথ্যসমূহ সময়মতে পঠোৱাত বিফলতাৰ ফলত ভাৰতৰ আন ৰাজ্যৰ পৰা অসমলৈ অহা লাখ লাখ লোক এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে।

এনে প্ৰকৃত ভাৰতীয় নাগৰিকসকলক অন্যায় সন্দেহ আৰু হাৰাশাস্তিৰ বলি হোৱাৰ পৰা বচোৱাৰ উদ্দেশ্যে এটা দিনো নষ্ট নকৰিবলৈ শইকীয়াই সকলো মুখ্য মন্ত্ৰীকে আহ্বান জনাইছে।

‘তাতোতকৈ বেয়া কথাটো হ’ল,’ শইকীয়াই লগতে কয়, ‘কিছুমান ৰাজনৈতিক দলে এইসকল লোকক অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰিছে আৰু অবৈধ বিদেশী প্ৰব্ৰজনকাৰী হিচাপে গণ্য কৰিছে।’

কংগ্ৰেছ নেতাজনে লগতে অভিযোগ কৰে যে একাংশ অসৎ ৰাজনীতিকে এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা নোহোৱাক লৈ চলোৱা প্ৰচাৰতে সহজ-সৰল লোকসকল সত্য বুলি পতিয়ন গৈছে।

Related News