NORTHEAST NOW (Assamese)

এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ প্ৰয়োজনীয় নথি নথকাসকলৰ ডি এন এ পৰীক্ষা কৰক : আজিজুৰ ৰহমান

May 23, 2018 9:32 pm · অনিৰ্বাণ পাঠক
Updated: May 23, 2018 9:34 pm

‘এন.আৰ.চিৰ বংশবৃক্ষ পৰীক্ষণৰ ক্ষেত্ৰত যিসকলৰ প্ৰয়োজনীয় নথি নাই তেওঁলোকৰ বাবে ডি এন এ পৰীক্ষাৰ ব্যৱস্থা কৰক। ডি এন এ পৰীক্ষাত যদি তেওঁলোক ভাৰতীয় বুলি চিনাক্ত নহয় আমাৰ কোনো আপত্তি নাথাকে। অন্যথা বহু প্ৰকৃত নাগৰিকৰ নাম কেৱল নথি পত্ৰৰ অভাৱৰ বাবেই বাদ পৰিব পাৰে।‘ এই মন্তব্য আমছুৰ উপদেষ্টা তথা সংখ্যালঘু সংগঠন সমুহৰ সমন্বয় সমিতি, অসমৰ মুখ্য সমন্বয়ক আজিজুৰ ৰহমানৰ।

বুধবাৰে দিচপুৰ প্ৰেছ ক্লাবত ২৩ টা সংখ্যালঘু সংগঠনৰ উমৈহতীয়ে মঞ্চ সংখ্যালঘু সংগঠন সমুহৰ সমন্বয় সমিতি, অসমৰ এক সংবাদমেল অনুষ্ঠিত কৰি ৰহমানে লগতে কয় যে বহু প্ৰকৃত ভাৰতীয় লোকে এন আৰ চিৰ প্ৰক্ৰিয়াটোৰ বাবে প্ৰয়োজনীয় নথি জমা দিব পৰা নাই। তেওঁলোকৰ মাজত বহু দুখীয়া মানুহ আছে যিসকলে বানপানীৰ কৱলত পৰি তেওঁলোকৰ নথি পত্ৰ হেৰুৱাবলগীয়া হৈছে বুলি তেওঁ উল্লেখ কৰি সেইসকল লোকক নথি জমা দিব নোৱাৰাৰ বাবেই বিদেশী বুলি গণ্য কৰিলে অন্যায় কৰা হ’ব বুলি কয়।

সংবাদমেলত আজিজুৰ ৰহমানে এন আৰ চিৰ মডেলিটিৰ প্ৰসংগ উত্থাপন কৰি কয় যে গাওঁ পঞ্চায়তৰ প্ৰমাণ পত্ৰ জমা দিয়া পুৰুষ আৰু অবিবাহিত মহিলাসকলৰ নথিসমুহ খাৰিজ নকৰি District Magistrate Investigation Team (DMIT) লৈ পৰীক্ষণৰ কথা আছিল কিন্তু ১ মে’ত এন আৰ চি কৰ্তৃপক্ষই জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা এক জাননীযোগে গাওঁ পঞ্চায়তৰ প্ৰমাণ পত্ৰসমুহ খাৰিজ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ক্ষেত্ৰত এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই দুমুখীয়া নীতি গ্ৰহণ কৰা বুলি উল্লেখ কৰি ৰহমানে লগতে কয়, ‘প্ৰতীক হাজেলাই এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰো এখোজ ওপৰত কাম কৰি আছে।‘ এনে কৰিলে গাওঁ পঞ্চায়তৰ প্ৰমাণ পত্ৰ জমা দিয়া বহু স্বদেশীৰ প্ৰতি বৈষম্য কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।

এই বিষয়ত সংখ্যালঘু সংগঠন সমুহৰ সমন্বয় সমিতি, অসমে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও জানিবলৈ দিয়ে। সমিতিয়ে লগতে বিবাহিত মহিলাৰ গাওঁ পঞ্চায়তৰ প্ৰমাণ পত্ৰ নিৰীক্ষণৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে, বুধবাৰে এই বিষয় সন্দৰ্ভত সংখ্যালঘু সংগঠন সমুহৰ সমন্বয় সমিতি, অসমে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক এখন স্মাৰক প্ৰদান কৰে।

সমিতিয়ে লগতে অসম চুক্তিৰ আধাৰত ১৯৭১ ৰ ২৫ মাৰ্চৰ পাছত ভাৰতত প্ৰৱেশ কৰাসকলক বিদেশী বুলি চিনাক্ত কৰি তাৰ আগৰ কোনো লোক যাতে হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ এন আৰ চি কৰ্তৃপক্ষক দাবী জনায়।

Related News