NORTHEAST NOW (Assamese)
অসম

এন আৰ চি : নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক; কেন্দ্ৰৰ পৰা অধিক নিৰাপত্তা বাহিনী বিচাৰিছে অসম চৰকাৰে

Posted by: ৰাজীব ৰয় July 4, 2018 10:41 pm
DGP_KuladharSaikia

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত অসমৰ আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে দেশৰ গৃহ বিভাগক অধিক  কেন্দ্ৰীয় নিৰাপত্তা বাহিনী বিচাৰিছে ৰাজ্য চৰকাৰে।

‘আমি অধিক কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী বিচাৰিছো। ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰই আমাক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ নিশ্চিতি দিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আমি এন আৰ চি প্ৰকাশৰ বাবে আগবাঢ়িছো,’ নৰ্থ ব্লকৰ বৈঠকৰ পিছত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ মন্তব্য।

তেওঁ লগতে জনাই যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ বিষয়েও আজিৰ বৈঠকত আলোচনা হয়।

ভাৰতৰ গৃ্হ সচিব ৰাজীৱ গাউবাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত গৃহ বিভাগৰ আন শীৰ্ষ বিষয়াসকলৰ লগতে দেশৰ মহা পঞ্জীয়ক শৈলেশ, আইবি-ৰ মুৰব্বী ৰাজীৱ জে’নৰ লগতে দিচপুৰৰ হৈ মুখ্য সচিব টি ৱাই দাস, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়া, বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্য আৰু অতিৰিক্ত আলোক কুমাৰ উপস্থিত আছিল।

সূত্ৰ অনুসৰি দিচপুৰে ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ পৰা অৰ্ধ সামৰিক বাহিনীৰ অতিৰিক্ত ৫০টা কোম্পানি বিচাৰিছে।

পূৰ্বে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰৰ পৰা ১৫০টা কোম্পানি বিচাৰিছিল।