NORTHEAST NOW (Assamese)

এন আৰ চিক লৈ মন্তব্য নিদিবলৈ কংগ্ৰেছী বিধায়কক ভাবুকি পৰেশ বৰুৱাৰ

January 6, 2018 10:30 pm · এন ই নাও নিউজ

নিষিদ্ধঘোষিত আলফা(স্বা)এ কংগ্ৰেছী বিধায়ক কমলাক্ষ দেব পুৰকায়স্থক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰিছে। শনিবাৰে সাংবাদিকৰ আগত উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়কগৰাকীয়ে কয় যে আলফা(স্বা)ৰ প্ৰধান পৰেশ বৰুৱাই তেওঁক কোনো অজ্ঞাত স্থানৰ পৰা ফোন কৰি এন আৰ চিৰ ওপৰত মন্তব্য কৰিলে বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি প্ৰদান কৰে।

বিধায়ক গৰাকীয়ে জনোৱা অনুসৰি পৰেশ বৰুৱাই তেওঁলৈ ১২৩৩৮১৭০৭৯১, ১২১৩২৩৯০১৬৮ আৰু ১৮১১২৩৪১৮৫৫ নম্বৰৰ পৰা ফোন কৰিছিল।

ইফালে সদৌ অসম ছাত্ৰ সন্থাই এন আৰ চিৰ নামত বৰাক উপত্যকাৰ লোকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদে।

অৱশ্যে আছুৱে এই অভিযোগ পোনচাটেই নশ্চাৎ কৰিছে। এই সন্দৰ্ভত সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্যই সাংবাদিকক কয়,’আমাক প্ৰাক্তন মন্ত্ৰী আহমেদৰ চাৰ্টিফিকেতৰ প্ৰয়োজন নাই, অসমৰ ৰাইজে জানে আছু কি।’ অগপ বিধায়ক পবীন্দ্ৰ ডেকায়ো আহমেদক কটু সমালোচনা কৰি কয় যে একাংশ কংগ্ৰেছ নেতাই এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাই আছে। তেওঁ লগতে সদৌ ভাৰত মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেব আৰু কংগ্ৰেছী বিধায়ক পুৰকায়স্থকো এন আৰ চি সম্পৰ্কত বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ বাবে চোকা সমালোচনা কৰে।

Related News