NORTHEAST NOW (Assamese)

এন এছ চি এনৰ গুলীৰ আঘাতৰ পৰা কথমপি বাচিল অসমৰ চেলেং চাহ বাগিচাৰ পৰিচালক

July 24, 2018 10:29 pm · এন ই নাও নিউজ

আজি দুপৰীয়া মৰিয়নিৰ ওচৰত অসম-নাগালেণ্ড সীমান্তত থকা চেলেং চাহ বাগিচাত আজি নাগা বিদ্ৰোহী এন এছ চি এনৰ এটা দলে চাহ বাগিচাখনৰ পৰিচালক আৰু সহ-পৰিচালকলৈ গুলী চালনাৰ ঘটনা ঘটে। দুয়োজনে দৌৰি পলাই সাৰে যদিও তেওঁলোকক ভালেমান দূৰলৈকে এন এছ চি এনৰ দলটোৱে খেদি যায়।

জানিব পৰামতে, বাগিচাখনৰ পৰিচালক প্ৰদীপ ফুকনক কিছু দিনৰ পূৰ্বে এন এছ চি এনে পত্ৰযোগে ৬০ লাখ টকাৰ কৰ দাবী কৰি আহিছিল।

আজি পৰিচালক প্ৰদীপ ফুকন আৰু তেওঁৰ সহযোগী সূৰ্য দেৱনাথে তেওঁলোকৰ বাগিচাৰ এটা শাখা ৰনখাম শাখা পৰিদৰ্শনৰ বাবে যোৱাৰ সময়তে এই ঘটনাটো ঘটে।

এছ চি এনৰ দলটোৱে তেওঁলোকক লক্ষ্য কৰি গুলীয়ায় যদিও দুয়ো বাগিচাৰ মাজেৰে দৌৰাত কথমপি ৰক্ষা পৰে।

আনহাতে ঘটনাৰ পিছত যোৰাহাট জিলা আৰক্ষী অধীক্ষক, সীমান্ত আৰক্ষী অধীক্ষক, আৰু প্ৰথম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্টত দেৱাশিস শৰ্মাই আৰক্ষী বাহিনী লৈ ঘটনাস্থলত উপস্থিত হয়।

ইতিমধ্যে ঘটনাটো তদন্ত কৰিবলৈ দিয়া বুলি আৰক্ষী বিষয়াকেইজনে জানিবলৈ দিছে।

মন কৰিব লগীয়া যে নাগা বিদ্ৰোহীয়ে সীমান্তৰ অসমীয়া সাধাৰণ ৰাইজক প্ৰায়ে কৰ দাবী ইত্যাদিৰে হাৰাশাস্তি কৰি আহিছে। কোনোখন ৰাজ্য চৰকাৰেই সীমান্তত থকা সাধাৰণ অসমীয়া লোকসকলৰ জীৱনৰ নিৰাপত্তা দিব পৰা নাই।

Related News