NORTHEAST NOW (Assamese)

এন পি এফ আৰু বিজেপিৰ মিত্ৰ দলৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব টি আৰ জেলিয়াং

January 26, 2018 10:41 pm · এন ই নাও নিউজ
Updated: January 27, 2018 2:30 pm

সমাগত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু এন পি এফৰ মাজত সমষ্টি বিতৰণৰ আৰ্হি প্ৰস্তুত কৰিবৰ বাবে আৰু নিৰ্বাচনী মিত্ৰতা নিশ্চিত কৰিবৰ বাবে সংশ্লিষ্ট দলৰ পৰা একোটাকৈ গোট নিৰ্বাচন কৰিবলৈ একমত হোৱাৰ কথা ৰাজহুৱা কৰিছে।

নিজৰ ছ’চিয়েল মিডিয়াৰ পোষ্টত জেলিয়াঙে কৈছে যে বিজেপিৰ সৈতে মিত্ৰতা অব্যাহত ৰখাৰ এন পি এফৰ সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক নতুন দিল্লীত কালি আবেলি লগ ধৰিছিল আৰু দুয়ো বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত এন পি এফ-বিজেপিৰ মিত্ৰতা অব্যাহত ৰখাৰ ক্ষেত্ৰত সহমতত উপনীত হয়।

শ্বাহৰ সৈতে বৈঠক সফল আছিল বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীজনে তেওঁক সময় দিয়া বাবে অমিত শ্বাহক ধন্যবাদ দিয়ে।

‘আমাৰ মিত্ৰতা আৰু সম্পৰ্ক অনাগত দিনত অধিক শক্তিশালী হ’ব। ই প্ৰগতি আৰু  উন্নয়নমুখী নাগালেণ্ড ৰাজ্যৰ বাট মুকলি কৰিব।’ জেলিয়াঙে তেওঁৰ টুইটটোত কয়।

জেলিয়াঙে আত্মবিশ্বাসেৰে কয় যে যদি সকলো ৰাজ্যতে নিৰ্বাচন সম্পন্ন হয়, এন পি এফ-বিজেপিৰ মিত্ৰজোঁট আৰু এন ডি এৰ অন্যান্য দলবিলাকৰ সৈতে অনাগত সকলো নিৰ্বাচনত জয় সাব্যস্ত কৰিব।

তেওঁ নিজৰ আশাবাদ প্ৰকাশ কৰি কয় যে সকলোখিনি সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধা কৰা হ’ব আৰু মিত্ৰজোঁটটো অনায়াসে জয়ী হ’ব।

‘জনসাধাৰণৰ সমৰ্থন আৰু সহযোগত আমি আকৌ পৰৱৰ্তী চৰকাৰখন গঠন কৰিবলৈ সক্ষম হোৱাৰ লগতে এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈও সক্ষম হ’ম। ফলত দ্বাদশ বিধানসভাৰ অস্থিৰতাবোৰ ইতিহাসত পৰিণত হ’ব। ৰাজ্যখনৰ বিকাশ আৰু প্ৰগতি আৰু লগতে নাগা ৰাজনৈতিক সংকট আমাৰ প্ৰধান গুৰুত্ব হ’ব।’ তেওঁ কয়।

উল্লেখযোগ্য যে শাসনাধিষ্ঠিত এন পি এফে ইয়াৰ পূৰ্বৰ সিদ্ধান্তৰ পুনৰ বিবেচনা কৰে আৰু বিজেপিৰ সৈতে ইয়াৰ মিত্ৰতা অব্যাহত ৰাখিবলৈ সিদ্ধান্ত কৰে। এই বুজাবুজি মতে টি আৰ জেলিয়াং পুনৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হোৱাটো নিশ্চিত হয়। সিদ্ধান্তটো এন পি এফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহৰ পৰিষদৰ এখন জৰুৰী বৈঠকত যোৱা ২৩ জানুৱাৰিত লোৱা হৈছিল। বিজেপি ২০০৩ চনৰ পৰাই ৰাজ্যখনত দলটোৰ মিত্ৰ হৈ আছে।

Related News