NORTHEAST NOW (Assamese)

এবছুৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি

January 21, 2018 9:31 pm · প্ৰনব কুমাৰ দাস

সদৌ বড়ো ছাত্ৰ সন্থাৰ বৰ্ষজোৰা সোণালী জয়ন্তী উৎসৱৰ দেওবাৰে তেজপুৰৰ বাণাসুৰ পথাৰত সামৰণি পৰে।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মহাধিবক্তা অধ্যাপক শ্ৰীহৰি এনেই বড়োসকলৰ বাবে এখন সুকীয়া ৰাজ্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ বাবে কোনো বিলম্ব নকৰাকৈ বড়োলেণ্ডৰ বিষয়টো সমাধান কৰিবলৈ আগবাঢ়ি আহিব লাগে।

সামৰণি অনুষ্ঠানত ভাষণ দি পাটনাৰ ‘ছুপাৰ ৩০’ ৰ প্ৰতিষ্ঠাপক আনন্দ কুমাৰে ঘোষণা কৰে যে তেওঁ সোনকালেই গুৱাহাটীত ছুপাৰ ৩০’ ৰ এটা কেন্দ্ৰ মুকলি কৰিব আৰু প্ৰতিবছৰে বড়ো সম্প্ৰদায়ৰ পৰা দহজনকৈ ছাত্ৰক অন্তৰ্ভুক্ত কৰিব।

‘’ চহকী ঘৰৰ ল’ৰা ছোৱালীয়ে যেতিয়া সকলো ধৰণৰ সা-সুবিধা লাভ কৰে, দুখীয়া ল’ৰা ছোৱালীবোৰে তেওঁলোকৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হয়,’’-তেওঁ কয়।

এগৰাকী গণিতজ্ঞ হিচাপে সুপৰিচিত আনন্দ কুমাৰে তেওঁ ভাষণত উল্লেখ কৰে যে শিক্ষা হৈছে জ্ঞান আহৰণৰ তথা ৰাষ্ট্ৰক সেৱা কৰাৰ শক্তিশালী আহিলা। তেওঁ লগতে কয় যে ‘ছুপাৰ ৩০’ শীৰ্ষক তেওঁৰ এখন জীৱনীমূলক গ্ৰন্থ শীঘ্ৰেই প্ৰকাশ পাব।

উদ্বোধনী ভাষণত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে ব্যক্ত কৰে যে বিটিএডিয়ে বড়োসকলৰ আশা-আকাঙ্খা পূৰণ কৰিবলৈ সফল হোৱা নাই।‘’সেয়েহে বড়োলেণ্ডৰ বিকল্প নাই,’’-তেওঁ কয়।

সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচীৰ প্ৰদৰ্শন কৰা হয়।

Related News