NORTHEAST NOW (Assamese)
অসম

এ পি এছ চিৰ দুৰ্নীতিৰ তদন্তকাৰী সুৰজিত সিং পানেছৰৰ নামতো ভুৱা ফে’ছবুক একাউণ্ট

Posted by: অভীক চক্ৰবৰ্তী July 10, 2018 10:47 pm

সাৱধান! ওলাইছে ভুৱা আৰক্ষী বিষয়া সুৰজিত সিং পানেচৰ। এ পি এছ চিৰ দুৰ্নীতিৰ তদন্তকাৰী বিষয়া, ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকজনৰ নামত চলি আছে এটা ভুৱা ফে’ছবুক একাউণ্ট।

আৰক্ষী বিষয়াগৰাকীয়ে ভুৱা ফে’ছবুক একাউণ্টটোৰ চলাই থকা অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে আজি ১০ জুলাইত ডিব্ৰুগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

‘মোৰ নামত ভুৱা ফে’ছবুক একাউণ্ট এটা চলি থকা বুলি জানিব পাৰিছো। কোনোবা দুষ্কৃতিকাৰীয়ে একাউণ্টটো চলাই আছে। আমি গোচৰটোৰ তদন্ত চলাই আছো আৰু খুব সোনকালেই অপৰাধীক আটক কৰিব পাৰিম,’ নৰ্থ ইষ্ট নাও-ক জনালে পানেছৰে।

পানেছৰৰ এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষী থানাত আই টি আইনৰ ৬৬ (ডি) ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/ ৪১৯/ ৪২০ ধাৰাত ১০২৩/২০১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ নামটো কিছুদিন পূৰ্বে এটা ভুৱা একাউণ্ট চলি থকাৰ কথা পোহৰলৈ আহিছিল।