NORTHEAST NOW (Assamese)

এ পি এছ চি : আজি ১৯জন কৃষি উন্নয়ন বিষয়াক জেৰা কৰিব মহানগৰ আৰক্ষীয়ে

July 27, 2018 10:16 am · এন ই নাও নিউজ
এ পি এচ ছিৰ প্ৰতীক।

মহানগৰ আৰক্ষীয়ে এ পি এছ চিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তিত হোৱা কেলেংকাৰিৰ তদন্ত ক্ষিপ্ৰ গতিত আগবঢ়াইছে। আজি ১৯ জন কৃষি উন্নয়ন  বিষয়াক জেৰা কৰিব মহানগৰ আৰক্ষীয়ে। আজি পুৱা দিছপুৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে বিষয়াসকলক।

উল্লেখযোগ্য যে ধনৰ বিনিময়ত চাকৰি সংগ্ৰহ কৰাৰ অভিযোগত ২৭ জন কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে তদন্ত চলাই আছে। ভঙাগড় থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত পূৰ্বে দিছপুৰ থানাত মহানগৰ আৰক্ষীয়ে ৮জন বিষয়াক প্ৰাৰম্ভিক জেৰা কৰাৰ পাছত এইবাৰ দ্বিতীয় পৰ্যায়ত ১৯জন বিষয়াক জেৰাৰ বাবে তলব কৰিছে।

জানিব পৰা মতে দ্বিতীয় পৰ্যায়ৰ জেৰা সম্পূৰ্ণ হোৱাৰ পাছত কেইবাজনো বিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। কিয়নো কেইবাজনো বিষয়াৰ পৰীক্ষাৰ উত্তৰবহীত জালিয়াতি ধৰা পৰাৰ কথা আৰক্ষীয়ে সদৰী কৰিছিল। ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতে জেৰা কৰাৰ বাবে বিষয়াসকলক তলব কৰা হৈছে।

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকাত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ দৰে কৃষি উন্নয়ন বিষয়া বাছনিতো সমান্তৰালভাৱে কেলেংকাৰি সংঘটিত হৈছিল। এই কেলেংকাৰিতে  অভিযুক্ত হৈ ইতিমধ্যে কাৰাবন্দী হৈ আছে অসম লোকসেৱা আয়োগৰ তদানীন্তত অধ্যক্ষ ৰাকেশ পাল আৰু সদস্য বসন্ত কুমাৰ দলে।

উল্লেখযোগ্য যে এজন বঞ্চিত প্ৰাৰ্থীয়ে ভঙাগড় থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে ব্যাপক খেলিমেলি ধৰা পেলাবলৈ সক্ষম হৈছে। সেয়ে পৰীক্ষাৰ উত্তৰবহীত কেইবাজনো প্ৰাৰ্থীৰ ব্যাপক খেলিমেলি ধৰা পৰাৰ পিছত তদন্ত আগবঢ়াৰ লগে লগে পাল আৰু দলেৰ লগতে ধনেৰ বিনিময়ত চাকৰি ক্ৰয় কৰা কেইবাজনো কৃষি উন্নয়ন বিষয়া গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত হৈ পৰিছে।

Related News