NORTHEAST NOW (Assamese)
অসম

কটনিয়ান প্ৰিয়ংকা নায়কলৈ ৰাজ্য চৰকাৰৰ বীৰ চিলাৰায় বঁটা

Posted by: এন ই নাও নিউজ August 8, 2018 10:31 am
17800478_1882349362046238_1750156411110450369_n

চলিত বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে বীৰ চিলাৰায় বঁটা । ৰাজ্য চৰকাৰে ঘোষণা কৰা চলিত বৰ্ষৰ এই বঁটাৰ বাবে মনোনীত হৈছে কামৰূপ জিলাৰ শিঙিমাৰীৰ প্ৰিয়ংকা নায়ক।

সম্প্ৰতি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰিয়ংকা নায়কক অহা ১৫ আগষ্ট অৰ্থাৎ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা উক্ত বঁটাটি প্ৰদান কৰা হ’ব।

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য মন্ত্ৰী সোণোৱালে প্ৰিয়ংকাক নিজ হাতেৰে সাহসিকতাৰ বীৰ চিলাৰায় বঁটাটি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত এইগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন ছাত্ৰীয়ে NCC (National Cadet Corps) ৰ জৰিয়তে বিগত সময়ত ভাৰতক প্ৰতিনিধিত্ব কৰি শ্ৰীলংকাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

সেয়ে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ বীৰ চিলাৰায় বঁটাটি গুৱাহাটী মহানগৰীৰ নিচেই ওচৰৰ শিঙিমাৰীৰ নিবাসী তথা কটনৰ ছাত্ৰী প্ৰিয়ংকা নায়কক প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।