• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ : ক্ষোভ উজাৰিলে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 13, 2018 10:18 pm
বিজেপিৰ পূব গুৱাহাটী মণ্ডলৰ সম্বৰ্ধনা অনুষ্ঠানত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। ফটোৰ উৎস : ফেচবুক।

বিজেপিৰ পূব গুৱাহাটী মণ্ডলৰ সম্বৰ্ধনা অনুষ্ঠানত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। ফটোৰ উৎস : ফেচবুক।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আমাক বিৰোধিতা কৰিছে, গণতান্ত্ৰিক পদ্ধতিৰে কৰক। কিন্তু আমাৰো গণতান্ত্ৰিক অধিকাৰ আছে। আপোনালোকে সভা-সমিতি কৰক, প্ৰতিবাদ কৰক আমিও আমাৰ মতবাদৰ বাবে সভা-সমিতি পাতিম আৰু ৰাইজৰ ওচৰলৈ যাম। আমি মেল-মিটিঙত গ’লে আপোনালোকে ঘেৰাও কৰাটো আমি সহ্য নকৰো।”

অলপতে শিক্ষামন্ত্ৰীজনক কেন্দ্ৰ কৰি কটন-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ প্ৰসংগত ক্ষুব্ধ হৈ থকা নৱনিযুক্ত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আজি এনেদৰে বিজেপিৰ পূব গুৱাহাটী মণ্ডলৰ সম্বৰ্ধনা অনুষ্ঠানত ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গ’ল। উল্লেখযোগ্য যে নতুনকৈ মন্ত্ৰিত্ব পোৱা বাবে পূব-গুৱাহাটী মণ্ডলে আজি ভট্টাচাৰ্য্যক সম্বৰ্ধনা জনাবলৈ চানমাৰিস্থিত পণ্ডিত তীৰ্থনাথ শৰ্মা সভাঘৰত এখন সভাৰ আয়োজন কৰিছিল।

Apply Now

মন কৰিব লগীয়া যে যোৱা ১০ মে’ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা মন্ত্ৰীগৰাকীয়ে সভাগৃহত ভাষণ দি থকাৰ সময়তে বিশ্ববিদ্যালয়ৰ সন্মুখভাগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰোপৰি ১২ মে’ত গুৱাহাটী বিশ্ববিদ্যালয়ত হ’ব লগীয়া এখন সভালৈ শিক্ষা মন্ত্ৰীজন যাব বুলি গম পাই ছাত্ৰ-ছাত্ৰীসকলে হাতত জোঁৰ লৈ সমদল কৰাৰ লগতে ৰাজপথো অৱৰোধ কৰিছিল। প্ৰতিবাদৰ উমান পাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্য্যসূচী বাতিল কৰিছিল শিক্ষা মন্ত্ৰীগৰাকীয়ে।

আনহাতে, সভাত মন্ত্ৰীজনে কয় যে সকলোৰে মত প্ৰকাশৰ অধিকাৰ আছে। এই মত প্ৰকাশৰ অধিকাৰ যদি অন্য কোনোবাই খৰ্ব কৰিব খোজে সেইটো তেওঁৰ বাবে গ্ৰহণযোগ্য নহয়।

তাৎপৰ্য্যপূৰ্ণভাৱে অস্তিত্বৰক্ষা সমন্বয় সমিতি, অসমে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে বিধায়কসকলৰ ঘৰ ঘেৰাও কৰিম বুলি কোৱা কথাৰ ঘোৰ বিৰোধিতা কৰে মন্ত্ৰীজনে। তেওঁ সেইসকলক হুংকাৰ দি কয়, “গুৱাহাটীত যদি আমাৰ নেতাসকলৰ বাসগৃহ কিবা কাৰণত ঘেৰাও কৰা হয়, তেন্তে অন্য পক্ষকো কিন্তু আমি শুদাই নেৰো। আপোনালোকে যুক্তিগতভাৱে আপোনালোকৰ চিন্তাধাৰা আমাৰ আগত ব্যক্ত কৰক। কিন্তু আপোনালোকে নিজৰ চিন্তাধাৰা প্ৰতিষ্ঠা কৰিবলৈ গৈ আমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব।”

“নিজৰ মতবাদত অটল থাকিলেও ভাৰতীয় জনতা পাৰ্টীলৈ বহুতো লোক আহি আছে আৰু আহি থাকিব।” মন্ত্ৰীগৰাকীয়ে কয়।

আনহাতে, কংগ্ৰেছ দলে অসমৰ ৰাইজৰ মত নোলোৱাকৈ আই এম ডি টি আইনখন সংসদত পাছ কৰিছিল বুলি সদৰী কৰি ভট্টাচাৰ্য্যই কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে বিচৰা হেঁতেন, সংসদত বিধেয়কখন উত্থাপন নকৰাকৈ অধ্যাদেশ কৰি দিব পাৰিলোহেঁতেন। কিন্তু তেওঁলোকে গণতান্ত্ৰিক পদ্ধতিৰে সংসদত এই বিলখন উত্থাপন কৰাৰ লগতে সংসদৰ নিয়ম অনুসৰি যুটীয়া সংসদীয় কমিটি গঠন কৰিছে।

তদুপৰি তেওঁলোক অসমলৈ আহি ৰাইজৰ মতামত গ্ৰহণ কৰি এক প্ৰতিবেদন সংসদত দাখিল কৰিব বুলিও ভট্টাচাৰ্য্যই মন্তব্য কৰে।

তেওঁ লগতে কয়, “আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিশ্বাস কৰো বাবেই অন্য পক্ষৰ নেতাক কিন্তু ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাই। কিন্তু আমাৰ মুখ্য মন্ত্ৰীৰ ক্ষেত্ৰত ফেচবুকত মুকলিভাৱে কি ভাষাত তেওঁলোকে গালি দিছে সকলোৱে দেখিছে। এইটো জানো সমীচীন?”

অসমৰ শিক্ষা জগতখনত ড০ হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ ব্যক্তি বুলি আখ্যা দি মন্ত্ৰীজনে কয়, “তেখেতে দক্ষতাৰে নিজৰ বিভাগটো পৰিচালনা কৰিছিল। এই শিক্ষা বিভাগটোৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত সৰ্বাধিক গোচৰ আছে আৰু সকলো বিভাগতকৈ সৰ্বাধিক গোচৰ থকা বিভাগ। হিমন্ত বিশ্ব শৰ্মাৰ পদাংক অনুসৰণ কৰি এই শিক্ষা বিভাগটোৰ কেৰোণবোৰ দূৰ কৰাৰ বাবে মোক দায়িত্ব দিয়া হৈছে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd