“আমাক বিৰোধিতা কৰিছে, গণতান্ত্ৰিক পদ্ধতিৰে কৰক। কিন্তু আমাৰো গণতান্ত্ৰিক অধিকাৰ আছে। আপোনালোকে সভা-সমিতি কৰক, প্ৰতিবাদ কৰক আমিও আমাৰ মতবাদৰ বাবে সভা-সমিতি পাতিম আৰু ৰাইজৰ ওচৰলৈ যাম। আমি মেল-মিটিঙত গ’লে আপোনালোকে ঘেৰাও কৰাটো আমি সহ্য নকৰো।”
অলপতে শিক্ষামন্ত্ৰীজনক কেন্দ্ৰ কৰি কটন-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ প্ৰসংগত ক্ষুব্ধ হৈ থকা নৱনিযুক্ত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আজি এনেদৰে বিজেপিৰ পূব গুৱাহাটী মণ্ডলৰ সম্বৰ্ধনা অনুষ্ঠানত ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গ’ল। উল্লেখযোগ্য যে নতুনকৈ মন্ত্ৰিত্ব পোৱা বাবে পূব-গুৱাহাটী মণ্ডলে আজি ভট্টাচাৰ্য্যক সম্বৰ্ধনা জনাবলৈ চানমাৰিস্থিত পণ্ডিত তীৰ্থনাথ শৰ্মা সভাঘৰত এখন সভাৰ আয়োজন কৰিছিল।
মন কৰিব লগীয়া যে যোৱা ১০ মে’ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা মন্ত্ৰীগৰাকীয়ে সভাগৃহত ভাষণ দি থকাৰ সময়তে বিশ্ববিদ্যালয়ৰ সন্মুখভাগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰোপৰি ১২ মে’ত গুৱাহাটী বিশ্ববিদ্যালয়ত হ’ব লগীয়া এখন সভালৈ শিক্ষা মন্ত্ৰীজন যাব বুলি গম পাই ছাত্ৰ-ছাত্ৰীসকলে হাতত জোঁৰ লৈ সমদল কৰাৰ লগতে ৰাজপথো অৱৰোধ কৰিছিল। প্ৰতিবাদৰ উমান পাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্য্যসূচী বাতিল কৰিছিল শিক্ষা মন্ত্ৰীগৰাকীয়ে।
আনহাতে, সভাত মন্ত্ৰীজনে কয় যে সকলোৰে মত প্ৰকাশৰ অধিকাৰ আছে। এই মত প্ৰকাশৰ অধিকাৰ যদি অন্য কোনোবাই খৰ্ব কৰিব খোজে সেইটো তেওঁৰ বাবে গ্ৰহণযোগ্য নহয়।
তাৎপৰ্য্যপূৰ্ণভাৱে অস্তিত্বৰক্ষা সমন্বয় সমিতি, অসমে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে বিধায়কসকলৰ ঘৰ ঘেৰাও কৰিম বুলি কোৱা কথাৰ ঘোৰ বিৰোধিতা কৰে মন্ত্ৰীজনে। তেওঁ সেইসকলক হুংকাৰ দি কয়, “গুৱাহাটীত যদি আমাৰ নেতাসকলৰ বাসগৃহ কিবা কাৰণত ঘেৰাও কৰা হয়, তেন্তে অন্য পক্ষকো কিন্তু আমি শুদাই নেৰো। আপোনালোকে যুক্তিগতভাৱে আপোনালোকৰ চিন্তাধাৰা আমাৰ আগত ব্যক্ত কৰক। কিন্তু আপোনালোকে নিজৰ চিন্তাধাৰা প্ৰতিষ্ঠা কৰিবলৈ গৈ আমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰিব।”
“নিজৰ মতবাদত অটল থাকিলেও ভাৰতীয় জনতা পাৰ্টীলৈ বহুতো লোক আহি আছে আৰু আহি থাকিব।” মন্ত্ৰীগৰাকীয়ে কয়।
আনহাতে, কংগ্ৰেছ দলে অসমৰ ৰাইজৰ মত নোলোৱাকৈ আই এম ডি টি আইনখন সংসদত পাছ কৰিছিল বুলি সদৰী কৰি ভট্টাচাৰ্য্যই কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে বিচৰা হেঁতেন, সংসদত বিধেয়কখন উত্থাপন নকৰাকৈ অধ্যাদেশ কৰি দিব পাৰিলোহেঁতেন। কিন্তু তেওঁলোকে গণতান্ত্ৰিক পদ্ধতিৰে সংসদত এই বিলখন উত্থাপন কৰাৰ লগতে সংসদৰ নিয়ম অনুসৰি যুটীয়া সংসদীয় কমিটি গঠন কৰিছে।
তদুপৰি তেওঁলোক অসমলৈ আহি ৰাইজৰ মতামত গ্ৰহণ কৰি এক প্ৰতিবেদন সংসদত দাখিল কৰিব বুলিও ভট্টাচাৰ্য্যই মন্তব্য কৰে।
তেওঁ লগতে কয়, “আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিশ্বাস কৰো বাবেই অন্য পক্ষৰ নেতাক কিন্তু ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাই। কিন্তু আমাৰ মুখ্য মন্ত্ৰীৰ ক্ষেত্ৰত ফেচবুকত মুকলিভাৱে কি ভাষাত তেওঁলোকে গালি দিছে সকলোৱে দেখিছে। এইটো জানো সমীচীন?”
অসমৰ শিক্ষা জগতখনত ড০ হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ ব্যক্তি বুলি আখ্যা দি মন্ত্ৰীজনে কয়, “তেখেতে দক্ষতাৰে নিজৰ বিভাগটো পৰিচালনা কৰিছিল। এই শিক্ষা বিভাগটোৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত সৰ্বাধিক গোচৰ আছে আৰু সকলো বিভাগতকৈ সৰ্বাধিক গোচৰ থকা বিভাগ। হিমন্ত বিশ্ব শৰ্মাৰ পদাংক অনুসৰণ কৰি এই শিক্ষা বিভাগটোৰ কেৰোণবোৰ দূৰ কৰাৰ বাবে মোক দায়িত্ব দিয়া হৈছে।”