NORTHEAST NOW (Assamese)

কবি নীলমণি ফুকনক জুলাই মাহত নিজা বাসগৃহতে প্ৰদান কৰিব সাৰস্বত সন্মান-২০১৭’

May 21, 2018 10:36 am · এন ই নাও নিউজ
প্ৰথিতযশা কবি নীলমনি ফুকন। ফটো : ইন্টাৰনেট

বিশিষ্ট কবি নীলমণি ফুকনক ২০১৭ বৰ্ষৰ ‘সাৰস্বত সন্মান’প্ৰদান কৰিব অধ্যাপক নগেন শইকীয়াই। শনিবাৰে সন্ধিয়া ড০ নগেন শইকীয়াৰ পুথিভঁৰাল ‘বৰ্ণমালা’ত ন্যাসৰ সভাপতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সাৰস্বত ন্যাস পৰিষদে পূৰ্বে গ্ৰহণ কৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ অৰ্থে অহা জুলাই মাহৰ ভিতৰত যিকোনো এটা দিনত ন্যাসৰ তৰফৰ পৰা প্ৰথিতযশা কবিগৰাকীক গুৱাহাটীৰ নিজা বাসগৃহত গৈ উক্ত বটাঁটো প্ৰদান কৰা হ’ব।

সাৰস্বত ন্যাসৰ সচিব  বীৰেন বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত গ্ৰহণ কৰা আন এক সিদ্ধান্ত অনুসৰি ন্যাসৰ সদস্য তথা বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়াৰ দ্বাৰা সংগৃহীত, সংকলিত, সম্পাদিত ‘লাহোৱালৰ তামোলবাৰী চাহ বাগিচাৰ পটভূমিত জ্যোতিপ্ৰসাদ সম্পৰ্কীয় এখন তথ্যপূৰ্ণ ইংৰাজী গ্ৰন্থৰ লগতে ড০ নগেন শইকীয়াৰ ‘ভাৰতীয় ঐতিহ্য’ শীৰ্ষক এখন গ্ৰন্থও শীঘ্ৰেই ন্যাসৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা হ’ব।

তদুপৰি, ড০ নগেন শইকীয়াৰ ৰচনাৱলীৰ প্ৰথম খণ্ডটো একেটা সময়তে প্ৰকাশ কৰি উন্মোচনৰ বাবেও সভাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাই পূৰ্বতে আন প্ৰকাশকৰ দ্বাৰা ড০ শইকীয়াৰ ৰচনাৱলী প্ৰকাশৰ যি সিদ্ধান্ত সেয়া বাতিল কৰি ন্যাসৰ নিজা উদ্যোগত প্ৰকাশৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে এখন প্ৰকাশন উপ-সমিতি আৰু এখন ৰচনাৱলী সম্পাদনা সমিতি গঠন কৰা হয়।

উক্ত প্ৰকাশন উপ-সমিতিত ন্যাসৰ সভাপতি আৰু সম্পাদকৰ লগতে দেৱীপ্ৰসাদ বাগড়োদিয়াক উপদেষ্টা হিচাপে আৰু অজয় কুমাৰ ভট্টাচাৰ্যক সভাপতি, ড০ সত্যকাম বৰঠাকুৰক সম্পাদক, নিৰ্মল চাহেৱালা, গৌতম শইকীয়া, ৰতন হাজৰিকাক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়।

আনহাতে, ড০ কৰবী ডেকা হাজৰিকাক ড০ শইকীয়াৰ ৰচনাৱলী সম্পাদনা সমিতিৰ সম্পাদক আৰু ড০ সত্যকাম বৰঠাকুৰক সহকাৰী সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হয়।

আনহাতে, ন্যাসৰ সভাই নাগৰিকত্ব সংশোধনী আইন ২০১৬ৰ বিৰোধিতা কৰে আৰু এই বিধেয়কখন বাতিল নহ’লে অসমীয়া জাতিৰ অস্তিত্ব নিশ্চিতভাৱে সংকটাপন্ন হ’ব বুলি অনুভৱ কৰি উক্ত বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে।

Related News