NORTHEAST NOW (Assamese)

কমনৱেল্থ গেইমছ : মণিপুৰৰ খেলুৱৈৰ উজ্জ্বীৱিত প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ মুখ্য মন্ত্ৰী বীৰেণ সিঙৰ

April 12, 2018 4:09 pm · চভাপতি চামম

অষ্ট্ৰেলিয়াৰ গল্ডকষ্টত চলি থকা ২১ সংখ্যক কমনৱেল্থ গেইমছত মণিপুৰৰ দুই মহিলা ভাৰোত্তোলক খেলুৱৈৰ লগতে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকমৰ উজ্জ্বীৱিত প্ৰদৰ্শনত বাৰুকৈয়ে আনন্দত আত্মহাৰা হৈ পৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিং।

উল্লেখ্য যে কমনৱেল্থ গেইমছত কালি মহিলাৰ বক্সিঙৰ ৪৫-৪৮ কেজিৰ শাখাৰ ছেমি ফাইনেলত মেৰী কমে শ্ৰীলংকাৰ অনুশা দিলৰুক্ষীৰ বিৰুদ্ধে খেলি ৫-০ৰ ব্যৱধানত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰি পুনৰ এবাৰ সোণৰ পদক অৰ্জন কৰাৰ আশা সজীৱ কৰিলে।

মুখ্য মন্ত্ৰী সিঙে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে দেশৰ হৈ এই প্ৰতিযোগিতাখনত প্ৰথম সোণৰ পদক দুটা মীৰাবাই চানু আৰু সঞ্জীতা চানুৰ জৰিয়তে লাভ কৰিছে। যিটো আমাৰ বাবে গৌৰৱৰ বিষয়।

স্মৰ্তব্য যে যোৱা ৬ এপ্ৰিলৰ দিনা মুখ্য মন্ত্ৰী বীৰেন সিঙে প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰা দুই মণিপুৰী জীয়ৰী ক্ৰমে মীৰাবাই আৰু সঞ্জীতাক ১৫ লাখকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

মণিপুৰ চৰকাৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে কমনৱেল্থ গেমছত দেশৰ হৈ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা মণিপুৰৰ খেলুৱৈক চৰকাৰৰ ফালৰ পৰা ক্ৰমে ১৫ লাখ, ১০ লাখ আৰু ৮ লাখ টকা আৰ্থিক অনুদান আগবঢ়াব।

“মণিপুৰৰ দৰে সৰু ৰাজ্যখনৰ ৮ গৰাকী খেলুৱৈয়ে এই বিশ্বমানৰ প্ৰতিযোগিতাখনত অংশ লৈছে। আৰু আমাৰ খেলুৱৈয়ে আজিলৈ দেশৰ হৈ দুটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। এয়া আমাৰ বাবে গৌৰৱৰ বিষয়“।

Related News