NORTHEAST NOW (Assamese)

কাইলৈ চৰকাৰী ভ্ৰমণসূচীত ভাৰতলৈ আহিব ভুটানৰ প্ৰধান মন্ত্ৰী ছেৰিং টোবগে

July 4, 2018 2:58 pm · এন ই নাও নিউজ
ফইল ফটো : ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

কাইলৈ ভুটানৰ প্ৰধান মন্ত্ৰী ছেৰিং টোবগেই চৰকাৰী ভ্ৰমণসূচী লৈ নতুন দিল্লীত আহি উপস্থিত হ’ব।  ভুটানৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে তেওঁৰ তিনিদিনীয়া ভাৰত ভ্ৰমণ কালত ভাৰতীয় প্ৰধান মন্ত্ৰীগৰাকীৰ সৈতে প্ৰতিৰক্ষা, নিৰাপত্তা আৰু ৰণনীতিমূলক সহযোগিতা আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনাত মিলিত হব। টোবগেৰ ভ্ৰমণ সম্পৰ্কে ঘোষণা কৰি বৈদেশিক মন্ত্ৰালয়ৰ পৰা পৰা কোৱা হৈছে যে তেওঁৰ ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰক এক উদাহৰণীয় বন্ধুত্বৰ দিশত অগ্ৰসৰ হোৱাৰ এটা সুবিধা প্ৰদান কৰিব।

টোবগেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত বহাৰ উপৰিও ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো সাক্ষাত কৰিব।

উল্লেখ্য যে, চলিত বছৰৰ ফেব্ৰুৱাৰি মাহত টোবগেই গুৱাহাটী ভ্ৰমণ কৰিছিল আৰু ইয়াতে অনুষ্ঠিত বিনিয়োগকৰ্তাসকলৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল। এই ভ্ৰমণকালতেই টোবগেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও এটি চমু আলোচনাত মিলিত হৈছিল।

টোবগেৰ ভ্ৰমণৰ কিছু দিন পাছত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক সচিব বিজয় গোখলে আৰু মুখ্য সেনাধ্যক্ষ জেনেৰেল বিপিন ৰাৱটে এটা অঘোষিত ভ্ৰমণসূচী লৈ ভুটানত উপস্থিত হৈছিল। তেওঁলোকে ভুটানৰ নেতৃবৃন্দৰ সৈতে ডোকলামৰ সাম্প্ৰতিক পৰিস্থিতি আদিকে ধৰি কেইটামান গুৰুত্বপূৰ্ণ  ৰণনীতিমূলক বিষয়ৰ ওপৰত আলোচনা কৰিছিল।

প্ৰধান মন্ত্ৰীৰ মাজত হোৱা আলোচনাত যোৱা বছৰ ডোকলামৰ ভাৰত-চীন-ভুটানৰ উমৈহতীয়া সীমাত  চীন-ভাৰতৰ মাজত ৭৩ দিন ধৰি চলা যুদ্ধংদেহী পৰিস্থিতিৰ কথায়ো স্থান পোৱাৰ আশা আছে।

এই বছৰ দুয়োখন দেশেই ভুটান আৰু ভাৰতৰ মাজৰ আনুষ্ঠানিক দ্বিপাক্ষিক কূটনৈতিক সম্পৰ্কৰ সোণালী জয়ন্তী উদ্‌যাপন বৰ্ষ চলি আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ এই বুলি কৰিছে, ‘‘প্ৰধান মন্ত্ৰী টোবগেৰ আগন্তুক ভ্ৰমণে দুয়োখন দেশৰ পাৰস্পৰিক আগ্ৰহৰ বিষয়সমূহ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ দ্বাৰা দুয়োখন ৰাষ্ট্ৰৰ নাগৰিক উপকৃত হ’ব।’’

মন্ত্ৰ্যালয়ে কৈছে যে দুয়োখন ৰাষ্ট্ৰৰ মাজত বিশ্বাস আৰু পাৰস্পৰিক বুজাপৰাৰ লক্ষণযুক্ত বন্ধুত্ব আৰু সহযোগিতাৰ অদ্বিতীয় বান্ধোন আছে।

Related News