NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ‘এডপ্ত’ কৰিবলৈ আহিলে তেনে কোম্পানিক দৌৰাই দৌৰাই খেদা হ’ব : অখিল গগৈ

Posted by: উত্তম শইকীয়া May 4, 2018 6:44 pm
Kaziranga- KMSS protest

‘কাজিৰঙাক এডপ্ট কৰিবলৈ যদি কোনোবা কোম্পানি আহে তেন্তে তেওঁলোকক দৌৰাই দৌৰাই খেদা হ’ব’ ‘এডপ্ট এ হেৰিটেজ’ আঁচনিৰ যোগেদি কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ বিভিন্ন ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নসমূহৰ লগতে অসমৰ কাজিৰঙা, ৰংঘৰ, কাৰেংঘৰকো ব্যক্তিগত কোম্পানিক ‘গতাবলৈ লোৱা’ সিদ্ধান্তৰ প্ৰতিবাদ জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ( Akhil Gogoi )য়ে আজি ৪ মে’ত কাজিৰঙাৰ কঁহৰাত এক প্ৰতিবাদত এইদৰে মন্তব্য কৰিছে।

কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সংগঠনটোৰ নেতা অখিল গগৈ আৰু বেদান্ত লস্কৰৰ নেতৃত্বত পাঁচ শতাধিক সদস্যই আজি কাজিৰঙাৰ কঁহৰা চাৰিআলিত প্ৰায় দুঘন্টা ধৰি অৱস্থান কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বোকাখাত মহকুমা প্ৰশাসনৰ যোগেদি কেন্দ্ৰীয় পৰ্য্যটন আৰু সাংস্কৃতিক মন্ত্ৰীলৈ আজি এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে৷

উল্লেখযোগ্য যে অসমৰ জাতীয় সম্পদসমূহ সংৰক্ষণৰ বাবে চৰকাৰৰ যদি পইচা নাই তেন্তে অসমৰ ৰাইজৰ সহযোগত সংগঠনটোৱেই এইসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি অখিল গগৈয়ে পূৰ্বে মন্তব্য কৰিছিল।