NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত বন কৰ্মী

March 8, 2018 6:01 pm · উত্তম শইকীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত আজি বিয়লি এটা গঁড়ৰ আক্ৰমণত এজন অস্থায়ী বনকৰ্মী গুৰুতৰভাৱে অাহত হয়।

প্ৰাপ্ত তথ্য মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্থায়ী বনকৰ্মী দুৰ্গা ওৰাং ছুটিৰ শেষত ঘৰৰ পৰা কৰ্মস্থলীলৈ যোৱাৰ পথত অগৰাতলি চহলা বিলৰ পাৰতে হঠাৎ এটা গঁড়ে আক্ৰমণ কৰে। ফলত দুৰ্গা ওৰাং গুৰুতৰভাৱে আহত হয়।

উল্লেখযোগ্য যে নিজৰ জীয়েকৰ বিয়া উপলক্ষে ছুটি লৈ ঘৰ অহা বনাঞ্চলৰ দেবেশ্বৰী বনশিবিৰত অস্থায়ী বনকৰ্মী হিচাপে কৰ্মৰত বনকৰ্মীজনে চাইকেলেৰে দেবেশ্বৰী বন শিবিৰলৈ গৈ থকা অৱস্থাতে চহলা বিলৰ পাৰত গঁড়টোৱে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে ৷

ইতিমধ্যে আহত বন কৰ্মীজনক ততাতৈয়াকৈ বোকাখাত অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যলয়লৈ প্ৰেৰণ কৰা হয়  বুলি জানিব পৰা গৈছে।

 

Related News