NORTHEAST NOW (Assamese)

তামুলপুৰৰ মৰিয়ামপুৰত চাওতালী জনগোষ্ঠীৰ ঐক্য সংহতি দিৱস উদযাপন

June 30, 2018 10:57 pm · দীপক কুমাৰ পাঠক

১৮৫৫ চনৰ ৩০ জুনত সমগ্ৰ ভাৰতবৰ্ষতে বীৰ ছহিদ চিদু-কানুৰ নেতৃত্বত চাওতালী সকলে বৃটিছ চৰকাৰৰ ভূমি নীতি আৰু শোষণ-বঞ্চনাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। সেই দুই মহান বীৰ পুৰুষ চিদু-কানুৰ আদৰ্শক সৰোগত কৰি আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত মৰিয়ামপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত চাওতালী জনগোষ্ঠী সকলৰ ঐক্য সংহতি দিৱস উদযাপন কৰা হয়।

সংহতি দিৱসৰ লগত সংগতি ৰাখি মৰিয়ামপুৰ আঞ্চলিক চাওতালী ছাত্র সংগঠন (এছু)ৰ উদ্যোগত ১১ বজাত মহান বীৰ চিদু-কানুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সুবনখাটা ষ্টাৰলেণ্ড বিদ্যালয়ৰ অধ্যক্ষ মাৰচেল হেম্ৰমে।

সভাৰ আৰম্ভণীতে চাওতালী জনগোষ্ঠীৰ পৰম্পৰাগত দংশ্ৰীং নৃত্যৰে অতিথি সকলক আদৰণি জনোৱা হয়।

এছুৰ পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ সভাপতি লুইচ হাছদায়। দুপৰীয়া ১২ বজাত চাওতালী লোকসকলৰ মাজত ধনুৰ তিৰৰে লক্ষ্য ভেদ কৰা (বিঝাতিন) প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কালিতুছ চৰেনক ৩০ হাজাৰ টকাৰে সন্মানিত কৰা হয়।

বাক্সা জিলা চাওতালী সাহিত্য সভাৰ সভাপতি বুকুল মাৰ্ডীয়ে সভাপতিত্ব কৰা মুকলি সভাত বিগত হাইস্কুল শিক্ষ্যান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ ৩ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ২৭ গৰাকী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

অঞ্চলটোৰ সহস্ৰাধিক স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰা আজিৰ সভাত শশীপুৰ হাইস্কুলৰ শিক্ষক ৰাম হাছদা, অধিবক্তা মতিলদা মুৰ্ম, চেছাপানী হাইস্কুলৰ শিক্ষক চিংগু চৰেন, পূব কুমাৰীকাটা এম ই স্কুলৰ শিক্ষক হেমবাবু বাস্কে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে।

Related News