NORTHEAST NOW (Assamese)

কৃষক মুক্তিৰ ‘কাজিৰঙা জাতীয় অৰ্কিড উদ্যান’ত উচ্ছেদৰ জাননী বোকাখাত প্ৰশাসনৰ

July 8, 2018 6:07 pm · এন ই নাও নিউজ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ যোৱা ৫ জুলাইত বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াই প্ৰেৰণ কৰিছে উচ্ছেদৰ জাননী।

২৮ বিঘা মাটিজুৰি থকা উদ্যানখনে ৬ বিঘা মাটি বেদখল কৰি থকা বুলি অভিযোগ কৰি এই বেদখল ৭ দিনৰ ভিতৰত খালী নকৰিলে উচ্ছেদ কৰা হ’ব বুলি জাননী জাৰি কৰা হৈছে।

‘এই জাননী পোৱাৰ ৭ দিনৰ ভিতৰত বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হ’ল। অন্যথা আইন অনুসৰি আপোনাক/ আপোনালোকক উক্ত জমিৰ পৰা উচ্ছেদ কৰা হ’ব,’ চক্ৰ বিষয়াৰ নিৰ্দেশ।

ৰাজহ চক্ৰ বিষয়াই প্ৰেৰণ কৰা জাননীত অভিযোগ কৰা হৈছে যে বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কৰা চৰজমিন তদন্তত পোৱা হৈছে যে উদ্যানখনৰ বাবে আবণ্টিত ভূমিতকৈ তেওঁলোকে প্ৰায় ৬ বিঘা মাটি অধিককৈ দখল কৰি আছে। ‘আপোনালোকে কাজিৰঙা জাতীয় অৰ্কিদ উদ্যানৰ নামত আবণ্টনৰ বাবে অনুমোদন হোৱা জমিতকৈ অতিৰিক্তভাৱে ৬ বিঘা ১ কঠা ১২ লোচা মাটি বেদখল কৰি আছে,’ চৰকাৰী জাননীত উল্লেখ।

উচ্ছেদৰ জাননী পোৱাৰ পিছতে ইয়াক অসম চৰকাৰৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ আৰু আইনৰ আশ্ৰয় লোৱাৰ কথা ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। ‘কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰখনৰ বিৰোধিতা কৰি আছো। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি হাজাৰ-হাজাৰ মানুহক সংগঠিত কৰি প্ৰতিবাদ কৰিছো। সেয়েহে প্ৰতিশোধপৰায়ণ হৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অত্যাচাৰ কৰিছে,’ দাবী অখিল গগৈৰ।

অৰ্কিড উদ্যানখনৰ অধ্যক্ষ অখিল গগৈয়ে কয় ‘অৰ্কিড উদ্যানৰ মুঠ ২৮ বিঘা মাটিৰ ২২ বিঘা মাটিৰ অনুমোদন আগতেই লাভ কৰিছিলো। কিন্তু ৬ বিঘা ১ কঠা ১২ লোচা মাটিৰ পট্টাৰ বাবে চৰকাৰৰ ৰাজহ বিভাগক আবেদন কৰিছিলো বহু দিনৰ আগতে। কিন্তু আমি এতিয়ালৈকে অনুমোদন নাপালো।’

উল্লেখযোগ্য যে দুলাল বৰা নামৰ আৰ টি আই কৰ্মীজনে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে ২৭ বিঘা মাটি বেদখল কৰি থকা বুলি বোকাখাত থানাত পূৰ্বে এক এজাহাৰ দাখিল কৰিছিল।

দুলাল বৰাৰ অভিযোগৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈয্য কোঁৱৰে ‘পতঞ্জলিৰ উদ্যোগ পাতিবলৈ বিজেপি চৰকাৰে হাজাৰ বিঘা মাটি দিছে। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ প্ৰতি ইন্সি মাটি আমি বৈধভাৱে লৈছো’ বুলি নৰ্থ ইষ্ট নাও-ক জনাইছিল।

ৰাজ্যবাসীৰ লগতে দেশী-বিদেশী বিভিন্ন পৰ্য্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই কাজিৰঙা জাতীয় অৰ্কিড উদ্যানখনত উত্তৰ-পূৰ্বাঞ্চলত পোৱা ৫০০ বিধ দুৰ্লভ অৰ্কিডৰ লগতে কেইবা শও থলুৱা ধানৰ সঁচ, ঔষধি গছ, ফলৰ বাগিচা, থলুৱা মাছৰ পুখুৰী আদিও আছে।

সেউজ গৃ্হ, ফট’ গেলাৰি আদিও থকা এই উদ্যানখনত থলুৱা খাদ্যৰ লগতে অতিথিৰ মনোৰঞ্জনৰ বাবে থলুৱা নৃত্য-গীত প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছিল।

বিশিষ্ট সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঞিয়ে যোৱা ২০১৫ চনৰ ১৪ অক্টোবৰত এই উদ্যানখন উদ্বোধন কৰিছিল।

Related News