NORTHEAST NOW (Assamese)
অসম

তথাকথিত ৰাষ্ট্ৰবাদীসকলৰ সৈতে সুৰ মিলালে ৰঞ্জিত দাসে : ‘ভাৰত মাতা কি জয়’ আৰু ‘বন্দে মাতৰম’ ধ্বনি দিবলৈ আহ্বান অখিলক

Posted by: অনিৰ্বাণ পাঠক July 8, 2018 6:04 pm
AkhilGogoi

অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ কথাত বিজেপি শাসনলৈ অহাৰ পিছতে ভাৰতীয় মূল ভূখণ্ডত হঠাতে গজালি মেলা তথাকথিত ৰাষ্ট্ৰবাদীসকলৰ সুৰ দেখা গ’ল। বিভিন্নজন বিশিষ্ট ব্যক্তিৰ দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন কৰাৰ কৰ্তৃত্ব প্ৰদৰ্শন কৰা এই তথাকথিত দেশপ্ৰেমী তথা ৰাষ্ট্ৰবাদীসকলৰ দৰেই আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অখিল গগৈৰ দেশপ্ৰেম সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা দেখা গ’ল।

আজি ৮ জুলাইত, মালিগাৱঁৰ ৰং ভৱনত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিজৰ বক্তব্যত কৃষক নেতা অখিল গগৈৰ ‘ৰাষ্ট্ৰপ্ৰেম’ক লৈ সন্দেহ প্ৰকাশ কৰে। লগতে অখিল গগৈক নিজকে ‘দেশপ্ৰেমিক’ বুলি প্ৰমাণ কৰাৰো আহ্বান জনায়। তাৰ বাবে ৰঞ্জিত দাসে ধাৰ্য্য কৰি দিয়ে কেইটামান কাম।

“অখিল গগৈয়ে ৰাষ্ট্ৰ্ৰৰ হকে কোনো দিন কথা কোৱা শুনা নাই। তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ কথা বা ভাৰতবৰ্ষৰ কথা কোৱা তেওঁৰ মুখত শুনা নাই।” এইদৰে কয় ৰঞ্জিত দাসে।

তাৰ পিছতে কেইটামান সমিধান দিলে সভাপতি ৰঞ্জিত দাসে। তেওঁ কয়, “অখিল গগৈয়ে কৃষক মুক্তিৰ প্ৰতিখন সভাৰ আৰম্ভণিতে ‘ভাৰত মাতা কি জয়’ আৰু শেষত ‘বন্দে মাতৰম’ বুলি কওক। আৰু তেনেকৈ কৃষক মুক্তিৰ ১০০খন সভাত আৰম্ভণিতে ‘ভাৰত মাতা কি জয়’, শেষত ‘বন্দে মাতৰম’ আৰু লগতে ‘জয় আই অসম’ ধ্বনি দিয়ক। তেতিয়া আমি গম পাম তেওঁৰ যে ৰাষ্ট্ৰভক্তি আছে।”

ৰঞ্জিত দাসে লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাজনক এইদৰে প্ৰত্যাহ্বানো জনালে, “কৃষক মুক্তিয়ে যদি তেনেকৈ ১০০খন সভা অনুষ্ঠিত কৰিব পাৰে মই ৰাজনীতিয়ে নকৰো।”

আনহাতে আজি সাংবাদিকক ৰঞ্জিত দাসে কিছুদিন পূৰ্বে অখিল গগৈয়ে ‘ক্ষমতাৰ বাবে ৰঞ্জিত দাসে যিকোনো কাম কৰিব পাৰে’ বুলি এক মন্তব্য কৰিছিল বুলি জানিবলৈ দিয়ে।

এই বিষয়ত দাসে কয়, “মই ১৯৯১ চনত বিজেপিত যোগদান কৰিছিলো জাতিটোৰ স্বাৰ্থত বা ৰাষ্ট্ৰখনৰ স্বাৰ্থত কাম কৰিম বুলি। তেতিয়াতো বিজেপিৰ একোৱেই নাছিল। মোৰ ক্ষমতাৰ লোভ যদি থাকিলহেঁতেন শাসকীয় দলত আমি যোগদান কৰিব পাৰিলো হেঁতেন।”

লগতে এই মন্তব্যই ৰঞ্জিত দাসক দুখ দিয়া বুলি কৈ তেওঁ অখিল গগৈক ভৱিষ্যতে এনেধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।