NORTHEAST NOW (Assamese)
অসম

ভেটি লোৱাৰ অভিযোগ : খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষক চি বি আইৰ জেৰা

Posted by: এন ই নাও নিউজ December 19, 2017 7:59 pm

আজিৰ আবেলিৰ এটা ঘটনাত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইৰ এটা দলে মহানগৰীৰ খানাপাৰাত থকা কেন্দ্ৰীয় বিদ্যালয়ত কেইবালাখ টকাৰ ঘোচ লোৱা সংক্ৰান্তত এটা অভিযান চলায়। অভিযানৰ সময়ত চি বি আইৰ দলটোৱে কেন্দ্ৰীয় বিদ্যালয়খনৰ অধ্যক্ষ ৰাজেশ ধাৱানক প্ৰথমে সোধা-পোছা কৰে আৰু পিছত গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে U/s 7 of PC Act, 1988 নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

এটা বিশেষ সূত্ৰই এন ই নাওক জনোৱা মতে গুৱাহাটীৰে এজন ঠিকাদাৰৰ পৰা অধ্যক্ষজনে ভেটি বিচৰাৰ এটা অভিযোগৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৱে অভিান চলাইছিল। ঠিকাদাৰজনৰ অভিযোগ মতে অধ্যক্ষজনে তেওঁক বিল মুকলি কৰি দিয়াৰ বিনিময়ত ৫০ হাজাৰ টকা দাবী কৰি আহিছিল। চি বি আয়ে পৰিকল্পনা কৰি তেওঁক ১০০০০ টকা ঘোচ লৈ থকা অৱস্থাতে হাতে-লোটে ধৰা পেলায়। অধ্যক্ষজনৰ কাৰ্য্যালয়ৰ পৰা কিছুমান সংগতিহীন কাগজ-পত্ৰও সংস্থাটোৱে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বিদ্যালয়খনৰ চৌহদত শিশুৰ বাবে এখন উদ্যান নিৰ্মাণৰ টকা পাবলৈ আছিল ঠিকাদাৰজনে।

খানাপাৰাস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ ধাৱান।

গ্ৰেপ্তাৰ কৰাৰ পিছত ধাৱানক গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।