NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ আগন্তুক বাংলাদেশ ভ্ৰমণত আলোচনা হ’ব অনুপ্ৰৱেশৰ বিষয়টো

Posted by: এন ই নাও নিউজ July 11, 2018 12:01 pm
CAB in parliament: Rajnath Singh asks BJP MPs to be present

অহা ১৩ জুলাইত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বাংলাদেশ ভ্ৰমণ কৰাৰ সময়ত দেশখনৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে অন্যান্য বিষয়ৰ লগতে অনুপ্ৰৱেশৰ সমস্যাটোও আলোচনা কৰিব বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত দুয়োজন নেতা মিলিত হ’ব বুলি গৃহ বিভাগৰ এটা সূত্ৰই জনাইছে।

মন কৰিব লগীয়া যে বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ বাবে ডাঙৰ সমস্যা সৃষ্টি কৰি আহিছে। ইয়াৰ পিছতো এই বিষয়টোক লৈ দুইখন দেশক গুৰুত্বসহকাৰে আলোচনা কৰা দেখা নাযায়। ফলদায়ক আলোচনা নকৰাৰ ফলতে এই সমস্যাটো সমাধানতো একো অগ্ৰগতি নাইহোৱা বুলিব পাৰি।

সূত্ৰটোৱে জনোৱামতে, তিনিদিনীয়া এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ উপৰি বাংলাদেশৰ গৃহ মন্ত্ৰী আছাদুৰ জামানৰ সৈতেও অনুপ্ৰৱেশৰ লগতে ৰহিঙীয়া সমস্যা, সন্ত্ৰাসবাদ ৰোধ আদিকে ধৰি কেইবাটাও বিষয়ত দুয়োপক্ষৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। বৈঠকৰ অন্তত চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে একাধিক চুক্তি স্বাক্ষৰিত হ’ব বুল সূত্ৰটোৱে জানিবলৈ দিছে।

অনুপ্ৰৱেশ ৰোধ কৰাৰ লগতে ভাৰতত চিনাক্ত হোৱা অবৈধ বাংলাদেশীসকলক বহিষ্কাৰ কৰা বিষয়টোৱেও বিশেষভাৱে প্ৰাধান্য লাভ কৰিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি থকাৰ মাজতে চিনাক্ত বিদেশীক লৈ চৰকাৰৰ কি নীতি আছে বুলি বিভিন্ন মহলত প্ৰশ্ন উঠিছে। এই পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰীজনৰ এই ভ্ৰমণৰ ডাঙৰ গুৰুত্ব আছে।