NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বিৰুদ্ধে প্ৰতিবাদ: ক্ষুব্ধ ৰাইজে প্ৰতিমূৰ্তি দাহ কৰিলে বিভাগীয় মন্ত্ৰী পল্লব লোচন দাসৰ

Posted by: ৰিনয় বসুমতাৰী January 18, 2018 11:49 am
শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ মূহূৰ্তত

কোকৰাঝাৰ চহৰৰ পৰা চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত মোক্ৰাপাৰা,  ইন্দ্ৰকলনী গাঁৱৰ ৰাইজে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে।  কিয়নো   উক্ত দুয়োখন গাঁৱৰ খাটিখোৱা লোকে বিদ্যুৎ বিভাগে যোগান ধৰা নিৰ্ধাৰিত মাছুল অনাকাংক্ষিতভাবে বৃদ্ধি পোৱাৰ বাবে তীব্ৰ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। গাঁৱৰ দিন হাজিৰা  কৰি জীৱিকা অৰ্জন কৰা একাংশ পৰিয়ালে ৩০০ টকাৰ বদলি ৩০০০  টকা আৰু কিছু পৰিয়ালৰ এক মাহতে পঞ্চাশ হেজাৰতকৈও অধিক বিদ্যুৎ বিল অহা বুলি অভিযোগ উত্থাপন কৰিছে। মনকৰিবলগীয়া যে বি টি চি  প্ৰাণ কেন্দ্ৰ কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী অঞ্চলত বিদ্যুবিভাগৰ এনে  অকৰ্মন্যতাক সহজভাবে ল’ব পৰা নাই ভুক্তভোগী অঞ্চলবাসীয়ে। অৱশ্যে বিভাগটোৱে নিজৰ ভুল স্বীকাৰ কৰি লোৱা বুলি আমাৰ সাংবাদিকৰ আগত সদৰী কৰে।

বিদ্যুৎ বিভাগে এনেদৰে কৰা অমনোযোগিতা তথা অদক্ষতামূলক কাৰ্য তথা  ভুল কৰাৰ বিৰুদ্ধে সৰৱ হৈ আজি মোক্ৰাপাৰা, ইন্দ্ৰকলনী গাঁৱত  কোকৰাঝাৰ জিলাৰ আমছুৰ  সম্পাদক শ্বফিকুল শ্বেখৰ নেতৃত্বত স্থানীয় একাংশ ৰাইজে  ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি অসম চৰকাৰ হায় হায় তথা সৰ্বানন্দ সোণোৱাল চৰকাৰ গ’ বেক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।