NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত ৰামদেৱৰ তিনি দিনীয়া বিনামূলীয়া যোগ শিবিৰ

Posted by: এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ : November 19, 2017 1:42 pm
কোকৰাঝাৰত ৰামদেৱৰ তিনি দিনীয়া বিনামূলীয়া যোগ শিবিৰ

অহা ২১, ২২ আৰু ২৩ নৱেম্বৰত ইয়াৰ গ্ৰীন ফিল্ডত তিনি দিনীয়া বিনামূলীয়া যোগ শিবিৰ এটাত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ কোকৰাঝাৰলৈ বাবা ৰামদেৱৰ আগমন ঘটিব । এই উপলক্ষে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰামদেবৰ আগমনক কেন্দ্ৰ কৰি ইতিমধ্যে কোকৰাঝাৰ সদৰ চহৰ চাফ-চিকুণ কৰা হৈছে আৰু আজি বিটিচি সচিবালয়ৰ সন্মুখৰ পৰা এক বিশাল ৰেলি উলিওৱা হয় । এই সন্দৰ্ভত অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সদৰী কৰে যে অনুষ্ঠিত হ’ব লগীয়া বিনামুলীয়া যোগ শিবিৰটোত কমেও একলাখ লোকে অংশগ্ৰহণ কৰিব ।