NORTHEAST NOW (Assamese)

কোকৰাঝাৰত ৰে’লৱেৰ মাটিত থকা অবৈধ বেদখলকাৰীক উচ্ছেদ ৰে’লৱে বিভাগৰ

February 28, 2018 4:59 pm · ৰিনয় বসুমতাৰী
Updated: February 28, 2018 7:41 pm

বুধবাৰে কোকৰাঝাৰ চহৰৰ ৫ নং ৱাৰ্ডৰ অন্তৰ্গত দক্ষিণ টেঙাপাৰাত ৰে’লৱে বিভাগে এক উচ্ছেদ অভিযান চলায়।

প্ৰাপ্ত তথ্য মতে ভাৰত চৰকাৰৰ ৰে’লৱে বিভাগৰ মাটিত অবৈধভাৱে দীৰ্ঘদিন ধৰি বাস কৰি অহা মুঠ ২৮ টা পৰিয়ালৰ বিৰুদ্ধে ৰে’লৱে বিভাগে এই উচ্ছেদ অভিযান চলায়। ফকিৰাগ্ৰাম ৰেলৱে সংমণ্ডলৰ বিষয়া আৰ পি গগৈৰ নেতৃত্বত নিৰাপত্তা বাহিনীৰ সহযোগত উক্ত অঞ্চলত ৰে’লৱে বিভাগে উচ্ছেদ অভিযান চলায়।

জানিব পৰা মতে কোকৰাঝাৰ ৰে’লৱে ষ্টেচনৰ কাষৰীয়া মাটিত বহুদিন ধৰি জীৱন নিৰ্বাহ কৰি অহা মুঠ ৩৮ টা পৰিয়ালৰে পূৰ্বে ১০ টা পৰিয়ালক উচ্ছেদ কৰা হয় যদিও আৰু ২৮ টা পৰিয়াল বাকী ৰৈছিল। সেই সূত্ৰে বাকী থকা ২৮ টা বেদখলকাৰী পৰিয়ালক সেই স্থান ত্যাগ কৰিবলৈ আগজাননী দিয়া হৈছিল।

আনহাতে আগজাননী পোৱাৰ পিছতো বেদখলকাৰী সকলে সেই স্থান ত্যাগ নকৰাৰ ফলত উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় বুলি ফকিৰাগ্ৰমা ৰে’লৱে সংমণ্ডল বিষয়া আৰ পি গগৈয়ে জানিবলৈ দিয়ে।

ইফালে উচ্ছেদকাৰী কৰা অভিযোগ মতে তেওঁলোক আগজাননী উচ্ছেদ কৰাৰ এদিন আগতে অৰ্থাৎ মঙলবাৰেহে দিছিল। যাৰ ফলত এটা দিনত তেওঁলোকৰ কাৰণে সেই স্থান ত্যাগ কৰা সম্ভৱ নাছিল। লগতে উচ্ছেদকাৰী সকলে ‘ইমান দিন ধৰি ইয়াতে থাকিলো, নিৰ্বাচনৰ সময়ত বি ৰি এফক ভোট দিলো, এন আৰ চি এই স্থানৰ পৰাই দিলো, আজি কিয় উচ্ছেদ কৰিলে, আমি ক’ত থাকিম’ আদি শব্দৰে বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

Related News