NORTHEAST NOW (Assamese)

কৰ্ম সংস্থাপন বিচাৰি যোৱা শিৱসাগৰৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু

February 19, 2018 12:19 pm · এন ই নাও নিউজ

দৰিদ্ৰতাৰ ফলত ৰাজ্যৰ বাহিৰত কৰ্ম সংস্থাপন বিচাৰি যোৱা বহু যুৱকৰ বিভিন্ন সময়ত মৃত্যুৰ হৈ অহাৰ সময়তে বহিঃৰাজ্যত পুনৰ এজন শিৱসাগৰৰ যুৱকৰ মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে দৰিদ্ৰতাৰ বাবে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যৰ কোম্পানীত মকৰল হোৱা শিৱসাগৰ নামতি খৰঙীৰ যুৱক কমল ঘাটোৱাৰৰ ৰহস্যজনকভাৱে পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অন্ধপ্ৰদেশৰ ভেনা মিলত শিৱসাগৰ নামতি খৰঙী গাঁৱৰ মেধাৱী যুৱক কমল ঘাটোৱাৰে আত্মীয়ৰ সৈতে কাম কৰিছিল।অন্ধপ্ৰদেশৰ ভিমলী থানাৰ অন্তৰ্গত ভেনা মিলত কৰ্মসূত্ৰে থকা ৰামেশ্বৰ ঘাটোৱাৰ আৰু ভানু ঘাটোৱাৰৰ পুত্ৰ কমল ঘাটোৱাৰৰ মৃত্যুক  পৰিয়ালৰ লোকে সহজভাৱে ল’ব পৰা নাই। কমলক হত্যা কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

আনহাতে দৰিদ্ৰ পিতৃ-মাতৃৰ পুত্ৰৰ মৃতদেহ আনিবলৈও সমৰ্থ নাই। যাৰ ফলত স্থানীয় ৰাইজৰ লগতে কমলৰ পিতৃ-মাতৃয়ে কমলৰ মৃতদেহ অসমলৈ অনাৰ বাবে চৰকাৰক দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Related News