NORTHEAST NOW (Assamese)

গঁড়ৰ চোৰাংচিকাৰীৰ শাহুৱেকৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ

June 29, 2018 8:35 am · উত্তম শইকীয়া
Updated: June 30, 2018 5:37 pm

গঁড় হত্যাত জড়িত ইয়াকুব আলী নামৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰী জনৰ শাহুৱেকৰ পৰা যোৱা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া প্ৰঞ্জল বৰুৱা আৰু বিশ্বনাথ আৰক্ষীৰ নেতৃত্বত যোৱা যৌথ অভিযানকাৰীৰ দলে নগদ ১০ লাখ ৫০ হেজাৰ টকা উদ্ধাৰ কৰিছে।

চতিয়াৰ ভোজমাৰী গাওঁত থকা ইয়াকুব আলীৰ শাহুৱেক ফাতেমা খাটুনৰ পৰা এই ধন উদ্ধাৰ কৰিছে অভিযানকাৰী দলটোৱে ৷ ২৯ মে’ত বিশ্বনাথৰ পাণপুৰত সংঘটিত গঁড় হত্যাৰ মূল অভিযুক্ত আছিল ইয়াকুব আলী।

ইয়াৰ পূৰ্বে অভিযানকাৰী দলে ইয়াকুব আলীৰ পৰা এটা ৩০৩ ৰাইফল , এটা চাইলেঞ্চাৰ,এটা লেজাৰ লাইট আৰু ২৪ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছিল।

ইয়াকুৱ আলীৰ স্বীকাৰোক্তিৰ আধাৰতে বন বিভাগ আৰু আৰক্ষীয়ে চতিয়াৰ ৪নং ভোজমাৰীৰ ইয়াকুৱ আলীৰ বাসগৃহৰ পৰা গঁড় হত্যাত ব্যৱহৃত এই অস্ত্ৰ সমুহ উদ্ধাৰ কৰিছিল।

উল্লেখ্য যে কাজিৰঙাৰ বহু কেইটা গঁড় হত্যাত জড়িত আছিল ধৃত চোৰাং চিকাৰী ইয়াকুব আলী ৷ যোৱা ২৯ মে’ত বিশ্বনাথৰ পাণপুৰত সংঘটিত গঁড় হত্যাৰ মূল অভিযুক্ত আছিল ইয়াকুব আলী।

ইয়াকুব আলী ২০১৪ চনৰ গঁড় হত্যাৰ এক গোচৰতো অভিযুক্ত আছিল। সেই  গোচৰত  চি বি আইয়ে তেওঁৰ ওপৰত চাৰ্জ শ্বীট দাখিল কৰিছিল আৰু চি বি আইৰ গোচৰৰ জামিন ল’বলৈ আদালতলৈ অহা অৱস্থাতে ইয়াকুব আলীক পানবজাৰৰ মেঘদূত ভৱনৰ সমীপত অভিযানকাৰী দলে আটক কৰিছিল।

Related News