NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱস উপলক্ষে চিকিৎসা শিবিৰ আয়োজন

Posted by: শশাংক তালুকদাৰ January 27, 2018 8:37 am
free dental check-up

প্ৰতিবছৰৰ দৰে এই বছৰো পাঠশালাত ‘সৃষ্টি পাঠশালা’ আৰু ‘নেহৰু যুৱ কেন্দ্ৰ বৰপেটা’ৰ সহযোগত ৬৯ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰাৰ লগতে বিনামূলীয়া দন্ত্য চিকিৎসা শিবিৰ আয়োজন কৰা হয়।

জ্যেষ্ঠ দন্ত শৈল্য চিকিৎসকৰ এটা দলে ডাঃ ৰূপম চৌধুৰীৰ নেতৃত্বত চিকিৎসা শিবিৰটোত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই।

 চিকিৎসা শিবিৰটো আনুষ্ঠিকভাৱে মুকলি কৰে সভাপতি অংকুৰ বৰুৱাই আৰু পতাকা উত্তোলন  কৰে ‘সৃষ্টি পাঠশালা’ৰ সঞ্চালক গৌতম তালুকদাৰে।

দন্ত ৰোগী সকলক চিকিৎসা শিবিৰটোত বিনামূলীয়া দাঁতৰ চিকিৎসা কৰাৰ লগতে ঔষধৰ যোগান ধৰে।

 উক্ত চিকিৎসা শিবিৰটোত বাঘমৰা কলেজৰ সহকাৰী শিক্ষক মটিন কলিতা, বেবি মনি ডেকা, ডাঃ আমিৰ হুছেইন, ডাঃ শশাংক চৌধুৰী, ডাঃ ৰিচাংক কলিতাকে ধৰি বহুকেইজন চিকিৎসা বিষয়াৰ লগতে স্থানীয় বহু সংখ্যক লোক উপস্থিত থাকে।