NORTHEAST NOW (Assamese)
অসম

গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে গৃহ সমষ্টিৰ বিদ্যালয়

Posted by: এন ই নাও নিউজ January 3, 2018 5:10 pm
After Gunotsav, it's "Sagunotsav'' time for primary schools in Assam

গুণগত শিক্ষাৰ প্ৰসাৰক প্ৰধান লক্ষ্য হিচাপে লৈ ৰাজ্য চৰকাৰে শিক্ষাখণ্ডত পালন কৰি অহা গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ ২ নং সদৰ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে। আজি বিদ্যালয়খন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীজনে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি তেওঁলোকে প্ৰদান কৰি অহা শিক্ষাৰ মূল্যাংকনো কৰে। ইয়াৰোপৰি তেওঁ বিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বুজ লৈ ছাত্ৰ-ছাত্ৰীসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতাক দৈনন্দিন জীৱনৰ অংগ হিচাপে ল’বলৈ পৰামৰ্শ দিয়ে। এইক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশটো চকু দিব লাগে তথা উৎসাহিত কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে গুণোৎসৱৰ আয়োজনে ৰাজ্যখনৰ শৈক্ষিক মানৰ যথেষ্ট উত্তৰণ ঘটোৱাৰ লগতে ইয়াৰ প্ৰতি অসমৰ ৰাইজে ব্যাপক সঁহাৰি আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে। উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীজনে বিদ্যালয়খনত এক বৃক্ষ ৰোপণ কাৰ্যসূচীতো অংশ গ্ৰহণ কৰে।

আজিৰ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ লগত মাজুলী জিলাৰ উপায়ুক্ত প্ৰকাশ গোপাল ঝা আৰু শিক্ষা বিভাগৰ কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে।