NORTHEAST NOW (Assamese)
অসম

মাজুলীত বিনামূলীয়া চি টি স্কেন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ

Posted by: এন ই নাও নিউজ January 3, 2018 5:31 pm
CM_Majuli_CTScan

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ গড়মূৰস্থিত শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসায়লত মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱা আঁচনিৰ অধীনত এটা অনুষ্ঠানৰ জৰিয়তে বিনামূলীয়া চি টি স্কেন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। প্ৰায় ২ কোটি টকাৰ ব্যয়েৰে স্থাপন কৰা এই চি টি স্কেন যন্ত্ৰটোৱে মাজুলীৰ ৰাইজক বিশেষ খৰচবিহীনভাৱে জটিল ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি মুখ্য মন্ত্ৰীজনে কয়। উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱা আঁচনিৰ অধীনত ইয়াৰ পূৰ্বে মাজুলীত বিনামূলীয়া এক্স-ৰে’ সেৱা যোৱা বছৰৰ জানুৱাৰিৰ পৰা আৰু যোৱা বছৰৰ অক্টোবৰৰ পৰা বিনামূলীয়া লেবৰেটৰী সেৱা প্ৰৱৰ্তন কৰা হৈছে। চৰকাৰী তথ্যই জানিবলৈ দিয়া মতে এক্স-ৰে’ সেৱাৰ জৰিয়তে এই বছৰৰ ২ জানুৱাৰিলৈকে মুঠ ২০৪১ গৰাকী ৰোগী উপকৃত হৈছে আৰু লেবৰেটৰী সেৱাৰ দ্বাৰা এই বছৰৰ ২ জানুৱাৰিলৈকে মুঠ ২০১৮ গৰাকী ৰোগী উপকৃত হৈছে। অনুষ্ঠানটোত ভাষণ দি মুখ্য মন্ত্ৰীয়ে চিকিৎসালয়সমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে জনসাধাৰণকো আহ্বান জনায়। ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যবাসীক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ লোকে যাতে উন্নত মানৰ চিকিৎসাসেৱা লাভ কৰে তালৈ লক্ষ ৰাখি আৰু সৰ্বসাধাৰণ শ্ৰেণীটোক চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত সকাহ দিয়াৰ উদ্দেশ্যে অতল অমৃত অভিযান তথা মুখ্য মন্ত্ৰী বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱাৰ লেখিয়া আঁচনিসমূহ লোৱা হৈছে। তেওঁ সৰ্বসাধাৰণ লোকক এই আঁচনি সমূহৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানটোত সাংসদ প্ৰদান বৰুৱা, অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, মাজুলী জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আদিকে ধৰি স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।